শিৱসাগৰত বীৰ লাচিত সেনাৰ উদ্যোগত টেনিছ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন
ডিজিটেল ডেস্ক, বিতৰ্ক, ২৮ ডিচেম্বৰ, শিৱসাগৰঃ শিৱসাগৰ নগৰৰ সমীপৰ পৰাগধৰ চলিহা খেলপথাৰত বীৰ লাচিত সেনাৰ ৰূদ্ৰসাগৰ ও জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত তথা শিৱসাগৰ জিলা সমিতিৰ সহযোগত এখনি দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অহা ৫ জানুৱাৰীৰ পৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হব লগা স্বৰ্গীয় ৰাজেন বৰুৱা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাখনিৰ সামৰণি পৰিব ১১ জানুৱাৰী তাৰিখে। উদ্যোক্তাসকলে ভৰ্তি মাছুল হিচাপে তিনিহাজাৰকৈ ধাৰ্য কৰা প্ৰতিযোগিতাখনিত সৰ্বমুঠ প্ৰইজমণি এক লাখ দহ হাজাৰ টকা দিয়া হব বুলি জানিবলৈ দিছে।
ইয়াৰোপৰি প্ৰতিখন খেলতেই মেন অফ দা মেচ্ দিয়াৰ বিপৰীতে মেন অফ দা চিৰিজ হিচাপে এখন বাইচাইকেল দিয়াৰ কথাও জনায়। ইফালে সভাপতি পংকজ দাস আৰু সম্পাদক ফজৰ আলিয়ে সকলো ইচ্ছুক দলকে অধিক তথ্যৰ বাবে তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ৬০০০৪১০৯৯৫ আৰু ৯৩৬৫৭০০৯৩৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।