২০২০ৰ শেষ দেওবাৰত পৰ্য্যটকৰ স্পৰ্শত প্ৰাণ পাই উঠিল শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৮ ডিচেম্বৰ, শিৱসাগৰঃ সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ৰ ভয়াৱহ গণসংক্ৰমণৰ প্ৰভাৱ কিঞ্চিত পৰিমাণে হ্ৰাস পোৱাৰ মাজতে আজি বৰছৰৰ অন্তিমটো দেওবাৰত প্ৰাণ পাই উঠিল জিলাখনৰ বিভিন্ন দিশত সিচঁৰতি হৈ থকা ঐতিহাসিক স্থানসমূহত। মাজত মাথো কেইটামান দিন থকাৰ পাছতেই আৰম্ভ হব এটা নতুন বছৰৰ। পুৰণিক বিদায় আৰু নতুনক আদৰাৰ প্ৰস্তুতিৰে আনন্দৰে হেঁপাহত এসাঁজ খোৱাৰ বাবে বছৰটোৰ অন্তিমটো দেওবাৰত শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহত হৈ পৰিল অগণন দৰ্শনাৰ্থীৰ। চুপাৰ ছানডেত বনভোজ দল অথবা দৰ্শনাৰ্থীৰ ভিৰে জীপাল কৰি তুলিলে ঐতিহাসিক স্থানৰ প্ৰকৃতিৰ ঘাঁহনি ডৰাত। দেশী পৰ্য্যটকৰ দৃষ্টিত বছৰটোৰ অন্তিম দেওবাৰত ঐতিহাসিক শিৱসাগৰে প্ৰাণ পাই উঠিল। ঐতিহাসিক তথা আধুনিকতাৰ সমলবোৰৰ অমিয়া সৌন্দৰ্য্যৰ সুধাপাণ কৰিবলৈ আজি পুৱাৰে পৰা শিৱসাগৰলৈ সুত বৈছে সহস্ৰজন পৰ্য্যটকৰ লগতে অগণন বনভোজ প্ৰেমী দলৰ। পুৱাৰে পৰাই আহোম ৰাজত্ব কালৰ ছয়শ বছৰীয়া বৰ্ণিল ইতিসাহৰ সগৌৰৱেৰে থিয়হৈ থকা জাতিটোৰ গৌৰৱোজ্জ্বল ইতিহাস জিলিকাই ৰখা ৰংপুৰৰ প্ৰাচীন কৃৰ্তিচিহ্নসমূহ দৰ্শনৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজৰ দলসমূহে আনন্দ উলাহেৰে বনভোজ খোৱাৰ উদ্দেশ্যৰে আজি বছৰটোৰ অন্তিম দেওবাৰত ভিৰ কৰিছেহি ৰংপুৰৰ চৌপাশৰ ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰী, ইয়াৰ পাৰত থকা জয়দলৰ ওপৰিও শিৱসাগৰ পুখুৰী পাৰৰ শিৱদ’ল, বিষ্ণু দ’ল, দেৱী দ’ল, চৰাইদেউ, চ্যুকাফা আদিকে ধৰি প্ৰায় সংখ্যক ঐতিহাসিক স্থানসমূহত দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। সকলোৱে কভিড ১৯ ৰ সন্ত্ৰাস পাহৰি নতুন বৰ্ষক আদৰাৰ বাবে শিৱসাগৰলৈ অহা বনভোজ প্ৰেমী বা দৰ্শনাৰ্থীসকল অধিকাংশকে পুৱাৰ ভাগত শিৱদ’ল, ৰঙ্গনাথ মন্দিৰ, গীৰ্জা, গুৰুদ্বাৰ অথবা দেখা গল আজানপীৰ দৰগাহৰ চৌহদত। ইফালে প্ৰকৃতিৰ ৰম্যভূমি দিচাংমুখত আজি চুপাৰ ছানডেত দেখা গল অগণন বনভোজ দলক। দিচাংমুখৰ প্ৰকৃতিৰ লগত আত্মহাৰাহৈ সকলোৱে পাহৰিলে দুখ ভাগৰ। একে দৃশ্য ঐতিহাসিক তলাতল ঘৰৰ সন্মুখ ভাগ আৰু জয়সাগৰ পুখুৰীৰ পূৱ দিশ। ইফালে প্ৰতিতো ঐতিহাসিক স্থানত বনভোজ দলসমূহে যাতে অপৰিষ্কাৰ কৰি থৈ নাযায় তাৰ বাবে বিভিন্ন সংগঠন বা স্থানীয় ৰাইজে ভিন্ন স্থানত পৰিষ্কাৰ কৰি ৰাখিবলৈ ফলক লগাই আহ্বান জনাইছে। এক কথাত আজি বছৰটোৰ অন্তিম দেওবাৰত বিহুগীত, ঢোল তালৰ লগতে বিভিন্নজনৰ গীত মাতত চুপাৰ ছানডেত সকলোৱে এপাক নাচি থকাৰ মনোমোহা দৃশ্য আছি দৃষ্টিনন্দন। ঐতিহাসিক সমলসমূহৰ পৰিদৰ্শনৰ হেপাহ সামৰিব নোৱাৰি উভতি যোৱাৰ পৰত প্ৰতিজনৰ মনৰ সাঁচিপাতত স্মৃতি হৈ ৰব বছৰটোৰ অন্তিম দেওবাৰে। ক্ষণে ক্ষণে খুন্দা মাৰিব শিৱসাগৰৰ নষ্টালজিয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *