ৰেচন কাৰ্ডৰ গৰাকীক আধাৰ কাৰ্ডৰ প্ৰতিলিপি জমা দিবলৈ জাননী

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৫ ছেপ্টেম্বৰ, শিৱসাগৰ :: শিৱসাগৰ জিলা প্ৰশাসনে শেহতীয়াভাৱে জাৰি কৰা এক জাননী যোগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ৰ অধীনত সকলো ৰেচন কাৰ্ডৰ গৰাকীক তেওঁলোকৰ আধাৰ কাৰ্ডৰ প্ৰতিলিপি সমূহ অনতিপলমে শিৱসাগৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত জমা দিবলৈ আহ্বান জনাইছে। লগতে যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকক অতি সোনকালে আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰি তাৰে প্ৰতিলিপি জমা দিবলৈ এই জাননীযোগে জনাইছে। উল্লেখযোগ্য যে, শেহতীয়া নিৰ্দেশনা অনুসৰি সকলো ৰেচন কাৰ্ডৰ গৰাকীৰে আধাৰ  নম্বৰ জৰুৰীভাৱে প্ৰয়োজন হৈছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *