শিৱসাগৰত আগন্তুক দুৰ্গাপূজা উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰি

মিনহাজউদ্দিন আহমেদ আৰু চাহিল হাজৰিকাৰ প্ৰতিবেদন, ২৩ ছেপ্টেম্বৰ, শিৱসাগৰ :: ক’ভিড-১৯ -ৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত আগন্তুক দুৰ্গাপূজা উদযাপনৰ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে জাৰি কৰা এক আদেশ মৰ্মে এই নীতি-নিৰ্দেশনাসমূহ সমগ্র শিৱসাগৰ জিলাতে প্ৰযোজ্য হ’ব।

এই নিৰ্দেশনা সমূহ হ’ল:

পূজা মণ্ডপৰ ভিতৰত বা চাৰিওফালে মেলা অনুষ্ঠিত কৰিব নোৱাৰিব

পথৰ ওপৰত বা পথৰ কাষত পূজা মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰিব

পুৰোহিত আৰু আয়োজক সহ সৰ্বাধিক ৩০ জন ব্যক্তি পূজা মণ্ডপৰ ভিতৰত যিকোনো সময়ত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে

সামাজিক ব্যৱধানৰ বাবে পৰ্যাপ্ত ঠাই ৰাখি সৰ্বাধিক ২০ জন ভক্ত পূজা চৌহদত সমবেত হ’ব পাৰিব

পূজা মণ্ডপত হাত নুধুৱাকৈ আৰু মুখমণ্ডলত আৱৰণ পৰিধান নকৰাকৈ কোনো ব্যক্তিকে পূজাৰ আয়োজক সকলে প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব

পূজা চৌহদৰ প্ৰৱেশ দ্বাৰত হাত ধুৱাৰ আৰু চেনিটাইজেচনৰ ব্যৱস্থা পূজাৰ আয়োজক সকলে কৰিব লাগিব।

ইয়াৰ উপৰিও যিকোনো কাৰণতে প্ৰতিমা বিসৰ্জনৰ সমদল বা শোভাযাত্ৰাৰ বাবে কোনো অনুমতি দিব নোৱাৰিব। লৌকিকতা ৰক্ষা কৰি সৰ্বাধিক ৫ জন ব্যক্তিৰ দ্বাৰা প্ৰতিমা বিসৰ্জন দিব লাগিব।

লগতে, পূজা মণ্ডপৰ স্থানত আয়োজকসকলে সকলো দৰ্শনাৰ্থীৰ থাৰ্মেল স্কেনিং কৰিব লাগিব আৰু যদি ক’ভিড-১৯ -ৰ লক্ষণ দেখা দিয়ে তেন্তে তেনে ব্যক্তিক পূজা মণ্ডপত প্ৰৱেশ কৰিব দিব নোৱাৰিব।

তদুপৰি, যদি পূজা মণ্ডপত কোনো ব্যক্তি বা দৰ্শনাৰ্থীৰ ক’ভিড-১৯ -ৰ লক্ষণ থকাৰ সন্দেহ হয়, তেনেহলে পূজাৰ আয়োজকসকলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত খবৰ দিব লাগিব আৰু তেনে ব্যক্তিক ওচৰৰ ক’ভিড চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰ কৰাৰ দায়িত্বত থাকিব।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *