ৰাজ্যত সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ ছেপ্টেম্বৰ, শিৱসাগৰ :: ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰনাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিছে ৰাজ্যত চলি অহা সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন। আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰি টুইটাৰযোগে জনালে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

যদিও সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে, তথাপিও সকলোকে কোভিড-১৯ৰ প্ৰট’কল মানি চলাৰ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *