শিৱসাগৰত উপায়ুক্তই বিতৰণ কৰিলে আৰ্থিক সাহায্য

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৮ আগষ্ট, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলা সমাজ কল্যান বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনৰ চাৰিগৰাকী যৌন নিৰ্যাতনৰ বলি হোৱা শিশুলৈ ৩ লাখ টকাকৈ  আৰ্থিক সাহায্য আগবঢ়ায়। এই আৰ্থিক সাহায্যৰ চেক সমূহ তেওঁ শিশু উন্নয়ন সমিতিৰ অধ্যক্ষা দীপালি স্বৰ্গীয়াৰী আৰু সদস্যা দীপালি ভট্টাচাৰ্যৰ হাতত অৰ্পণ কৰে। উপায়ুক্ত গৰাকীয়ে লগতে আৰু এগৰাকী যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীৰ মাতৃৰ হাতত ২ লাখ টকাৰ এখন চেক প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰাজ্যখনত পোনপ্ৰথম বাৰৰ বাবে সমাজ কল্যাণ বিভাগৰ “যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰী আৰু মহিলা সকলৰ আৰ্থিক অনুদান আৰু সাহায্য সেৱা আঁচনি (Financial Assistance and Support Services to the Victims/ Survivors of Rape) -ৰ অধীনত শিৱসাগৰ জিলাত এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

এই অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে আঁচনিখনৰ বিষয়ে সবিস্তাৰে অৱগত কৰে। সভাত জিলা পশুপালন আৰু  পশু চিকিৎসা বিষয়া ডাঃ অক্ষয়ভট কেচাৰী, জিলা অগ্ৰণী বেংক বিষয়া বিশ্বজিত দাসৰ উপৰি জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।
এই অনুষ্ঠানৰ পূৰ্বে উপায়ুক্ত গগৈয়ে গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠান (Rural Self Employment Training Institute) -ৰ নতুন কাৰ্য্যালয়ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। বৰ্তমানৰ কাৰ্যালয়টি জিলা সমাজ কল্যাণ বিভাগৰ শিৱসাগৰৰ ধাইআলি স্থিত কাৰ্য্যালয়ৰ উপৰ মহলাত অৱস্থিত। জিলা উপায়ুক্তই গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানে প্ৰদান কৰা দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলৰ স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটিত প্ৰতিষ্ঠানটিৰ সঞ্চালক মুকুল কছাৰীয়ে এই প্ৰতিষ্ঠানটিৰ কাম-কাজৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি অৱগত কৰে। এই অনুষ্ঠানত গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুখ্য আঞ্চলিক প্ৰবন্ধক মঞ্জিত সিং, জিলা পশুপালন আৰু  পশু চিকিৎসা বিষয়া ডাঃ অক্ষয়ভট কেচাৰী, জিলা অগ্ৰণী বেংক বিষয়া বিশ্বজিত দাস, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শিৱসাগৰৰ জিলা প্ৰকল্প প্ৰবন্ধক ডাঃ সুৰজ জ্যোতি গগৈ উপস্থিত থাকে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *