১৬ আগষ্টৰ পৰা ৰাজ্যত লকডাউনৰ নতুন নিয়ম…

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ আগষ্ট, গুৱাহাটী ::

পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯.৩০ বজালৈ শিথিল।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ কৰিব পাৰিব আন্তঃজিলা যাতায়াত।

নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।

১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ এই নতুন নিয়ম।

ব্যক্তিগত যান-বাহন চলাচলৰ ক্ষেত্ৰত সান্ধ্য আইনত বিশেষ কঠোৰ ব্যৱস্থা।

মহানগৰীত চিটি বাছ সেৱা মুকলি কৰি দিয়া হ’ব।

ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰতো শিথিলতা।

ৰাজহুৱা স্থানত থু পেলোৱা, ধপাত সেৱন কৰা, সুৰা সেৱন নিষিদ্ধ কৰা হৈছে।

চিনেমা হল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ হল, অডিট’ৰিয়াম আদি বন্ধ থাকিব।

ৰাজহুৱা স্থান, কৰ্মস্থলীত মাস্ক পৰিধান কৰাতো বাধ্যতা মূলক।

শনিবাৰ আৰু দেওবাৰে বাহাল থাকিব পূৰ্বৰ দৰে সম্পূৰ্ণ লকডাউন।

৬৫ বছৰ উৰ্ধ আৰু ১০ বছৰ তলৰ কোনো ল’ৰা-ছোৱালী ঘৰতে সোমাই থকাৰ পৰামৰ্শ।

Leave a Reply

Your email address will not be published. Required fields are marked *