সমাজকৰ্মী তথা শিক্ষক আবু ৰাজাৰ মৃত্যুত শোকস্তব্ধ ৰংপুৰ অঞ্চল

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ আগষ্ট, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ আমগুৰি ঘাটৰ নিৱাসী আবু ৰাজা ইমদাদ আহমেদ (৫৬) ওৰফে ৰাজাৰ আজি আকস্মিকভাৱে হোৱা শাৰীৰিক অসুস্থতাৰ বাবে জয়সাগৰৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পুৱা ১০:১৫ বজাত ইহলীলা সম্বৰণ কৰে। তেখেতে ৪৩৫ নং জোলাগাও প্ৰাথমিক বিদ্যালয়ত বিগত বহু বছৰ ধৰি শিক্ষকতা কৰি আহিছিল। ৰাজা এগৰাকী শিক্ষক হোৱাৰ লগতে বিভিন্ন সামাজিক কাম কাজত জৰিত হৈ আছিল।

তেখেতৰ মৃত্যুত সমগ্ৰ ৰংপুৰ অঞ্চলত এক শোকৰ ছাঁ পৰিছে। ৰাজাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু আত্মীয় স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। আনহাতে কভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি ২০ জন ব্যক্তিৰ উপস্থিতত নিজ গৃহৰ সন্মূখত সামাজিক দূৰত্ব বজাই ৰাখি তেখেতৰ জানাজা সম্পন্ন কৰাৰ পিছতেই ৰংপুৰ আঞ্চলিক কবৰস্থানত কবৰস্থ কৰা হয়। তেখেতৰ মৃত্যুত আমগুৰি যুৱ জামাত, আমগুৰি ঘাট যুৱ জামাত, আমগুৰি বৰমছজিদ পৰিচালনা সমিতি, জিলা শিক্ষা বিষয়া আব্দুল জেলিল, সৃজনী শাখা সাহিত্য সভা, জোলাগাওঁ যুৱ সমাজ, ঐক্য সেনা, অসমৰ লগতে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

One thought on “সমাজকৰ্মী তথা শিক্ষক আবু ৰাজাৰ মৃত্যুত শোকস্তব্ধ ৰংপুৰ অঞ্চল

Leave a Reply

Your email address will not be published. Required fields are marked *