শিৱসাগৰ জিলাত লকডাউন সন্দৰ্ভত অপপ্ৰচাৰ

চাহিল হাজৰিকা, ৯ আগষ্ট, শিৱসাগৰ :: শিৱসাগৰ জিলাত লকডাউন তথা বন্ধৰ আহব্বান সন্দৰ্ভত বিগত ২৪ ঘন্টা ধৰি মুখে মুখে চলি থকা চৰ্চাক সম্পুৰ্ণৰুপে অপপ্ৰচাৰ, উৰাবাতৰি অাখ্যা দিছে শিৱসাগৰ জিলা প্ৰশাসনে। শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই চৰ্চাক দুষ্ট চক্ৰৰ অপপ্ৰচাৰ আখ্যা দিছে। শিৱসাগৰ জিলাত নতুন কোনো লকডাউনৰ নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা নাই৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাজ্যজুৰি ঘোষণা কৰা নীতি নিৰ্দেশনাৰ ভিত্তিতেই শিৱসাগৰতো একেই ব্যৱস্থা অব্যাহত থাকিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে৷

ইয়াৰোপৰি  প্ৰতি সপ্তাহৰ শণি আৰু দেওবাৰে পৌৰ এলেকাত অব্যাহত থকা  লক ডাউন গ্ৰাম্য তথা পঞ্চায়ত এলেকাত বলবৎ কৰা হৈছে বুলি চলোৱা প্ৰচাৰকো ভূৱা তথা উৰাবাতৰি বুলি স্পষ্ট কৰি দিয়াৰ লগতে এনে উৰাবাতৰি বিয়পোৱা চক্ৰৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও ঘোষণা কৰিছে ৷ একে সময়তে প্ৰশাসনৰ তৰফৰ পৰা সামাজিক দুৰত্বৰ মাজেৰে মাস্ক পৰিধান কৰি চৰকাৰে ধাৰ্য্য কৰা সময়ৰ ভিতৰত চলা ফিৰা কৰাটো কোনো বাধা নিষেধ নাই বুলি স্পষ্ট কৰি দিছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *