ঈদৰ নামাজ ঈদগাহ বা ৰাজহুৱা স্থানত নপঢ়ি নিজ গৃহতে পঢ়াৰ আহ্বান জিলা প্ৰশাসনৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৭ জুলাই, শিৱসাগৰ :: সাম্প্ৰতিক সময়ত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ বা কৰ’ণা  ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত ইয়াৰ গনসংক্ৰমন ৰোধ কৰাৰ স্বাৰ্থত আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে অসম চৰকাৰৰ নিৰ্দেশনামৰ্মে কেতবোৰ সতৰ্কতামূলক নীতি-নিৰ্দেশনা জাৰি কৰি সমুহ ইছলামধৰ্মী ৰাইজক এই সমূহ পালন কৰিবলৈ আহ্বান জনাইছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত  জিলাখনৰ ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ লগত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই সমুহ ইছলামধৰ্মী ৰাইজৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী শিৱসাগৰবাসীলৈ শান্তি আৰু সমন্বয়ৰ উৎসৱ ঈদ-উজ-জোহাৰ ওলগ আৰু শুভেচ্ছা জনোৱাৰ লগতে অনাড়ম্বৰপূৰ্ণভাৱে পবিত্ৰ ঈদ উদযাপন কৰিবলৈ সমূহ ইছলামধৰ্মী ৰাইজক আহ্বান জনায়। আগন্তুক ঈদ-উজ-জোহা  উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা জামাত বা মছজিদত সামুহিক নামাজ পঢ়াৰ বিপৰীতে সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি  হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিবলৈও তেওঁ আহ্বান জনায়। মছজিদত তিনিজনতকৈ বেছি লোকে নামাজ পঢ়িব নোৱাৰিব বুলিও উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে।

দেশত যিহেতু মাৰাত্মক কৰ’ণা ভাইৰাছ অথবা ক’ভিড-১৯ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেয়ে গণসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।নিজ বক্তব্যত তেওঁ ক’ভিড-১৯ সন্দৰ্ভত জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও আলোকপাত কৰে। তেওঁ উপস্থিত সকলোকে নিজ নিজ অঞ্চলৰ ৰাইজক স্ব-ইচ্ছাই জিলাখনত স্থাপন কৰা স্বাৱ পৰীক্ষা কেন্দ্ৰ সমূহত গৈ স্বাৱ পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। এনে পদক্ষেপৰ দ্বাৰা ক’ভিড-১৯ ৰ গণসংক্ৰমণ ৰোধ কৰা সম্ভৱপৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে।

ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈ যদি কোনো মুছলমান ব্যক্তিৰ মৃত্যু হয়, তেনে ক্ষেত্ৰত কিছু সংখ্যক ৰাইজে তেনে ব্যক্তিক তেওঁৰ নিজৰ জামাতৰ অধীনত থকা কবৰস্থানতে জানাজা সম্পন্ন কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত গৰাকীয়ে উপস্থিত ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়াৰ মতামত বিচাৰে। সভাত উপস্থিত ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়া সকলে এই ক্ষেত্ৰত তেওঁলোকৰ সহমত ব্যক্ত কৰে। উপায়ুক্ত গৰাকীয়ে জানাজাত জড়িত ব্যক্তি সকলক প্ৰশাসনৰ তৰফৰ পৰা পি পি ই কিট প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে অসম চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সমূহ মানি তথা সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে আগন্তুক ঈদ-উজ-জোহা উদযাপন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ক’ভিড-১৯ ৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ওচৰ চুবুৰীয়া সকলে একত্ৰিত হৈ ঈদৰ নামাজ নপঢ়িবলৈও আহ্বান জনায়। সভাত উপস্থিত থকা জিলাখনৰ ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়া সকলে জিলা প্ৰশাসনে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় আৰু ঈদ উদযাপন সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো আশ্বাস প্ৰদান কৰে। সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাও উপস্থিত থাকে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *