এজাক বৰষুণে উদঙালে শিৱসাগৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৬ জুলাই, শিৱসাগৰ :: ভূৱা উন্নয়নৰ সপোন দেখাই শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ এজাক বৰষুণে উদঙাই দিয়ে। আজি পুৱা অহা এজাক বৰষুণতেই বুৰিল শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলি, হস্পিতেল ৰোড, টেম্পল ৰোড, মুক্তিনাথ চাৰিআলি, কেন্দ্ৰীয় বজাৰ, বৰ্ডিং ৰোডকে ধৰি বিভিন্ন অঞ্চল। পাঁচটা বছৰে বিজেপি শাসনত থকা শিৱসাগৰ পৌৰসভাই উন্নয়ণৰ নামত বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল যদিও সেই আঁচনি কেৱল কাগজে পত্ৰতে যে পৰি ৰ’ল আজিৰ বৰষুণজাকে তাকেই বুজাই থৈ গল। 

বিগত ২০১৮ চনতেই শিৱসাগৰ চহৰৰ সৌন্দৰ্যবৰ্ধন আৰু আন্তঃগাঠনি উন্নয়ণৰ বাবে বিভাগৰ তৰফৰ পৰা ১০০ কোটি টকা আবন্টন পোৱা বুলি ঘোষণা কৰিছিল পৌৰসভা আৰু জিলা প্ৰশাসনে। সেই টকাৰ এটা অংশ শিৱসাগৰ চহৰৰ নলা নৰ্দমাসমুহ বিজ্ঞান সন্মতভাৱে বনোৱাৰ এক অভিলাষী আঁচনি ঘোষণা কৰিছিল পৌৰসভাই। কিন্তু পুঁজি আবন্টন পোৱাৰ দুটা বছৰৰ পাছতো চহৰৰ নলা নৰ্দমা সমুহ নিৰ্মাণ কৰাতো বাদেই এক শতাংশ কামো হাতত নললে শিৱসাগৰ পৌৰসভাই। যাৰবাবে এজাক বৰষুণতেই বুৰি যায় শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চল। মূলত বিজেপি নিয়ন্ত্ৰণাধীন পৌৰসভাৰ অপৰিপক্কতাৰ বাবে যে জিলাখনৰ পৌৰ এলেকাসমূহৰ এই দশা হৈছে তাৰ বাবেই এতিয়া সৰ্বসাধাৰণ ৰাইজে সমালোচনা কৰা পৰিলক্ষিত হৈছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *