ৱেব মিডিয়া বা নিউজ পৰ্টেল কি? গণতন্ত্ৰ চতুৰ্থ স্তম্ভ ৰূপে ই কাম কৰিছেনে?

চামিউল আহমদ,
সম্পাদক

ৱেব মিডিয়া বা নিউজ পৰ্টেল! আজিৰ দিনত সংবাদ মাধ্যমৰ ক্ষেত্ৰত সততে শুনিবলৈ পোৱা এটা শব্দ। সংবাদ মাধ্যম কোন দিশে গতি কৰিছে আজিৰ দিনত?

আজিৰ যুগক সাধাৰণ ভাৱে কবলৈ গলে ডিজিটেল যুগ বুলিও অভিহিত কৰা হয়। ভাৰতত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। কাৰণ এখন গণতান্ত্ৰিক দেশত কিদৰে গণতন্ত্ৰ ৰক্ষা হৈ আছে, দেশৰ সকলো প্ৰকৃত খবৰ সাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে খ্যাতি দিছে সংবিধানে। সংবাদ মাধ্যমে আৰম্ভণি ভাৰতত সৰ্বপ্ৰথমে বাতৰি কাকত ৰূপে আত্মপ্ৰকাশ কৰিছিল। এই বাতৰি কাকত সমূহে ভাৰতৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আহে টেলিভিচনত প্ৰচাৰ হোৱা দূৰদৰ্শনৰ বাতৰি। ইয়াৰ পাছত আহে ছেটেলাইট চেনেল। ইয়াৰ মাজতে অল ইণ্ডিয়া ৰেডিঅয়ে পূৰ্বৰেপৰা আজিলৈকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু বৰ্তমান যুগৰ লগতে পৰিবতৰ্ন হৈছে সংবাদ মাধ্যমৰ ধাৰাও। এতিয়া ডিজিটেল যুগ। যুগৰ লগত সলনি হৈ বৰ্তমান সংবাদ মাধ্যম সমূহে ৱেবচাইটৰ ৰূপেও আত্মপ্ৰকাশ কৰিছে। এই ৱেবছাইটত কোনো বাতৰি প্ৰকাশ কৰি যদি ইয়াক ফেচবুক, ইউটিউব বা হুৱাতচ্ আপত শ্বেয়াৰ বা বিতৰণ কৰা নহয় তেন্তে এই বাতৰি সাধাৰণ ৰাইজৰ মাজত অধিক বিতৰণ হোৱাত যথেষ্ট কষ্ট হয়। যাৰ বাবে কোনো এটা বাতৰি পৰিবেশন হোৱাৰ পাছত এই চছিয়েল মাধ্যম সমূহত বিতৰণ কৰা হয়। যিহেতু আজিৰ দিনত এইসমূহৰ ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আহিছে। দেশত বৰ্তমান জনসংখ্যাৰ প্ৰায় ৭০%-৭৫% নাগৰিকে এনড্ৰইড মোবাইল ব্যৱহাৰ কৰে। সেই হেতুকে প্ৰায় সকলোৱে মোবাইলত ফেচবুক, হুৱাতচ্ আপ আদি ব্যৱহাৰ কৰে। এতিয়া সকলো ধৰণৰ বাতৰি টিভিতকৈ এই নিউজ পৰ্টেল সমূহত আগতীয়াকৈ পোৱাৰ বাবে ৰাইজে আজিৰ দিনত নিউজ পৰ্টেলত বাতৰি পঢ়া বা চোৱাটো বেছি পছন্দ কৰে।

কিন্তু এইখিনিতে এটা মন কৰিবলগীয়া কথা হল যে ফেচবুকত আমি সকলোৱে বিভিন্ন ধৰণৰ নিউজ চেনেলৰ পেজ সততে দেখিবলৈ পাওঁ। ৱেব পৰ্টেল আৰু ফেচবুক নিউজ পেজৰ মাজত পাৰ্থক্য আছে। আজিৰ যুগটো যিহেতু ডিজিটেল যুগ গতিকে ফেচবুক সাংবাদিকৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱাটোৱেই স্বাভাৱিক। তদুপৰি পূৰ্বৰ একমুখী সাংবাদিকতাৰ চৰিত্ৰ যিহেতু সামাজিক মাধ্যমৰ প্ৰভাৱত উভমুখী হ’ল, সেয়ে সামাজিক মাধ্যম যোগে সম্প্ৰচাৰ কৰা সংবাদ অধিক জনপ্ৰিয়। আনহাতে ফেচবুকত পৰিচালিত হোৱা নিউজ পেইজসমূহৰ কিন্তু সৰহ সংখ্যকৰেই নাই কোনো ৱেবছাইট। সাধাৰণতে ৱেব পৰ্টেল বা নিউজ পৰ্টেল হবলৈ হলে ৱেবছাইট থকাতো একান্তই বাঞ্ছনীয়। কিন্তু আজিৰ দিনত ফেচবুকত একাংশই নিউজৰ পেজ খুলি সংবাদ মাধ্যমৰ মান নিম্নগামী হোৱাত হাত উজান দিয়া পৰিলক্ষিত হৈছে। সাধাৰণভাৱে চাবলৈ গলে এইসমূহ পেজৰ বা-বাতৰি দিয়াৰ ধৰণ একেবাৰে ৱেব পৰ্টেলৰ দৰেই, কিন্তু এইসমূহ ৱেব পৰ্টেলৰ শাৰীত নপৰে বা সৰহভাগৰেই নাথাকে যাৱতীয় নথিপত্ৰ। আনহাতে একাংশ ৱেব মিডিয়াই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে মনেসজা সংবাদ বা পেইড নিউজ পৰিৱেশন কৰাৰ বিষয়েও সততে অভিযোগ উত্থাপন হৈ আহিছে। এইসমূহে সংবাদ মাধ্যমৰ কোনোধৰণৰ নিতী নিয়ম মনা আজিকোপতি পৰিলক্ষিত হোৱা নাই। এইক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কতৃপক্ষই সকলো ৱেব পৰ্টেল বা এই ফেচবুকৰ নিউজ পেইজসমূহৰ ওপৰত চকু দিয়া বৰ্তমান সময়ত একান্তই প্ৰয়োজনীয় হৈ পৰিছে।

আজিকালি কিছু কিছু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ একাংশ জনপ্ৰিয় সাংবাদিক মালিক পক্ষৰ তলত থাকি নিজৰ স্বতন্ত্ৰতা বজাই ৰাখিব নোৱাৰি বা মালিকপক্ষৰ হেচাঁৰ বাবে একপক্ষীয় বাতৰি পৰিৱেশন কৰিব লগাত পৰাৰ বাবে নিজাকৈ এটা ৱেব পৰ্টেল বা নিউজ পৰ্টেলৰ আৰম্ভ কৰি নিৰপেক্ষভাৱে নিজৰ কাৰ্য সম্পাদন কৰা দেখা যায়। এইক্ষেত্ৰত নিউজ পৰ্টেল পৰিচালনা কৰা সাংবাদিক সকলে নিৰপেক্ষ বা স্বতন্ত্ৰ হৈ সংবাদ পৰিৱেশন কৰিবলৈ অন্য কোনো মালিকানাধীন সংবাদমাধ্যমতকৈ আজিৰ দিনত নিউজ পৰ্টেল সমূহত যথেষ্ট সুবিধা পোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত সকলো নিউজ পৰ্টেলে গণতন্ত্ৰৰ প্ৰহৰী ৰূপে সঠিকভাৱে কাম কৰিছেনে নাইকৰা সেই বিষয়টো আমি সাধাৰণ জনতাৰ কাঠগড়াত বিচাৰৰ বাবে আগবঢ়াই দিলো।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *