শিৱসাগৰত ১৪৪ ধাৰা জাৰিঃ
৫ বা তাতোধিক লোকৰ সমাবেশ নিষিদ্ধ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৪ জুলাই, শিৱসাগৰ :: সমগ্ৰ বিশ্বতে মহামাৰীৰ সৃষ্টিকৰা ক’ভিড-১৯ ৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে আজি জাৰি কৰা এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা বা ব্যক্তিগত স্থানত ৫ জন বা তাতোধিক লোকে সমাবেশ কৰিব নোৱাৰিব । সভা-সমিতি পতা, সমদল, বিক্ষোভ প্ৰদৰ্শন কৰা, পথ বা ৰাজহুৱা স্থানত অবৈধভাৱে সমবেত হোৱা আদিও এই আদেশ মৰ্মে নিষিদ্ধ কৰা হৈছে।

এই আদেশ তাৎক্ষণিকভাৱে বলৱৎ কৰা হৈছে আৰু পৰৱৰ্ত্তী আদেশ নিদিয়ালৈকে বাহাল থাকিব জানিবলৈ দিছে। এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি শাস্তি প্ৰদান কৰিব।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *