শিৱসাগৰত পুনৰ সাত গৰাকী ক’ভিড পজিটিভ
ষ্টাফ ৰিপৰ্টাৰ, বিতৰ্ক, ১১ জুলাই, শিৱসাগৰ :: আজি শিৱসাগৰত পুনৰ সাত গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। এই ৭ গৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ ৪ গৰাকী ক্ৰমে লক্ষ্য খনিকৰ (৩১), জিন্টু গগৈ (২০), উদ্দীপ গগৈ (৩০) আৰু ৰঞ্জীতা দেৱী (২৪)। এই চাৰি জনেই বহিঃ ৰাজ্যৰ পৰা অহা আৰু তেওঁলোক ডিমৌ কোৱাৰেণ্টাইন চেন্টাৰত আছিল।
আন ২ গৰাকী ক্ৰমে জিতুল কুমাৰ নাথ (৩৬) আৰু জয়ন্ত গগৈ (২৮) জিলা খনৰ আমগুৰিৰ কুৱাৰিনটাইন চেন্টাৰত থকা। দুয়োজনেই অসমৰ বাহিৰৰ পৰা অহা৷ অন্যহাতে কেৱল প্ৰফুল্ল দাস (৫৭) নামৰ ব্যক্তিজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰি নাই যদিও তেওঁ কন্টেইনমেন্ট জ’নৰ বাসিন্দা আছিল। জানিব পৰা মতে ব্যক্তিজনৰ এজন সম্পৰ্কীয় নাতি বহিঃৰাজ্যৰ পৰা আহিছিল আৰু তেওঁৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।
আটাইকেইগৰাকী ব্যক্তিৰ স্বাৱ টেষ্ট ৪ আৰু ৫ জুলাইত লোৱা হৈছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৰ্তমান শিৱসাগৰত ৭০ গৰাকী লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে যদিও সৰহ সংখ্যক লোক ইতিমধ্যে আৰোগ্য লাভ কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে। বৰ্তমান ৩১ গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।