কৃতি শিক্ষাৰ্থীক ঘৰে ঘৰে গৈ অভিনন্দন ৰুপহী প্ৰাথমিক ছাত্ৰ সন্থাৰ

মিনহাজউদ্দিন আহমেদ, বিতৰ্ক, ১১ জুলাই, শিৱসাগৰ :: বিগত বৰ্ষসূহৰ দৰে এই বছৰো শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী গোট ৰূপহী প্ৰাথমিক ছাত্ৰ সন্থাই এি বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বৃহত্তৰ ৰূপহী অঞ্চলৰ হাতীখোঁক, জোনাকী নগৰ, ঢুলীয়াপাৰ, মৌপুৰীয়া, দিছিয়াল আদি গাওঁৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ৪৮ গৰাকী কৃতীমান ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে গৈ অভিনন্দন জ্ঞাপন কৰে। ক’ৰনা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকাত চৰকাৰে গ্ৰহণ কৰা নীতি-নিয়মক সন্মান জনাই ৰূপহী প্ৰাথমিক ছাত্ৰ সন্থাৰ উপদেষ্টা অংকুৰ বড়া, তপনজিৎ তালুকদাৰ, মৃদুপৱন শইকীয়া, ৰূপহী আছুৰ সভাপতি দ্বীপজ্যোতি দাস, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লিটন বৰুৱা আৰু শিক্ষা সম্পাদক গৌতম গগৈৰ নেতৃত্বত যোৱা এটি দলে ছাত্ৰ ছাত্ৰী সকলক ঘৰে ঘৰে গৈ এখনি অভিনন্দন পত্ৰ আৰু এটি কলমেৰে অভিনন্দন জনায়।

কাৰ্যসূচীৰ একাংশ আলোকচিত্ৰ

ক’ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত কোনো আনুষ্ঠানিক অনুষ্ঠানৰ আয়োজন নকৰি ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱা কাৰ্যক ৰূপহী অঞ্চলৰ স্থানীয় জনসাধাৰণে সলাগ লৈছে। উক্ত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা আৰু ৰূপহী আছুৰ উপদেষ্টা পাৰ্থপ্ৰতিম বৰুৱাই সহয়োগিতা আগবাঢ়ায়।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *