নিৰ্লজ্জ! লকডাউনত লুইতৰ বুুকুত মদৰে আৰক্ষী বিষয়াৰ নৈশ ভোজঃ তদন্তৰ নিৰ্দেশ…

ডিজিটেল ডেস্ক, বিতৰ্ক, ৭ জুলাই, গুৱাহাটী :: ক’ৰনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে যোৱা ২৯ জুনৰ পৰা গুৱাহাটীত বলবৎ কৰা হ’ল কঠোৰ লকডাউনৰ লগতে সান্ধ্য আইন। তাৰ মাজতে যোৱা দেওবাৰে লুইতৰ বুকুত এখন বিলাসী জাহাজত মদে মঙহে পাৰ্টি কৰি একাংশ আৰক্ষী বিষয়া তথা তেওঁৰ বন্ধুবৰ্গই জন্ম দিন উদযাপন কৰা ঘটনা সন্দৰ্ভত খোদ মহানগৰ আৰক্ষী আয়ুক্তই তদন্ত ঘোষণা কৰা এক ঘটনাক লৈ ৰাইজৰ মাজত সম্প্ৰতি ব্যাপক চৰ্চাই চলিছে।

আনক নীতি শিক্ষা দি ফুৰা মহানগৰ আৰক্ষীৰ এচাম জ্যেষ্ঠ বিষয়াৰ এনে কৰ্মকাণ্ডই এতিয়া সমগ্ৰ অসম আৰক্ষী বাহিনীক লজ্জিত কৰিছে। সংবাদমাধ্যমৰ লোক উপস্থিত হোৱাৰ পাছত আৰক্ষীৰ বিষয়াসকল সেই স্থানৰ পৰা আঁতৰি যায় যদিও, উক্ত স্থানত থকা টেবুলত সুৰাৰ গ্লাছ, খাদ্য আৰু সুৰাৰ বটলে সকলো কথা জল জল পট পট কৈ উদঙাই দিয়ে। উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ক’ৰনাৰ বিৰুদ্ধে যুঁজ দি থকা বহু কেইজন আৰক্ষীৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ অৱস্থিতি। কিন্তু এই মাৰাত্মক ভাইৰাছৰ ভয়াৱহতাৰ কথা জানিও তালৈ ভয় নকৰি এনেদৰে পাৰ্টীত ব্যস্ত হৈ পৰিছে একাংশ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া। উল্লেখ্য যে জাহাজখনত আযোজিত এই নৈশ পাৰ্টীত গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত, সহকাৰী আৰক্ষী আয়ুক্তকে ধৰি কেইবাজনো জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়াই অংশগ্ৰহণ কৰিছিল।

ঘটনা সন্দৰ্ভত মূখ্য সচিবৰ পত্ৰ

ঘটনা সন্দৰ্ভত মূখ্য সচিবৰ পত্ৰ লাভ কৰাৰ পাছতহে দিয়ে এক তদন্তৰ নিৰ্দেশ। এইক্ষেত্ৰত মহাগনৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ আৰক্ষীৰ এজন যুটীয়া আয়ুক্তই এই কাণ্ডৰ তদন্ত কৰিব। খোদ আৰক্ষীয়ে নীতি নিয়মক ভৰিৰে মোহৰা কাৰ্য্যৰ তদন্ত প্ৰক্ৰিয়া কিদৰে আগবাঢ়ি যাব সেইয়াহে হব লক্ষ্যনীয়।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *