অহা কালিৰ পৰা শিৱসাগৰত পুনৰ যুগ্ম-অযুগ্ম নীতি বলৱৎ
ডিজিটেল ডেস্ক, বিতৰ্ক, ৭ জুলাই, শিৱসাগৰ :: সমগ্ৰ বিশ্বতে মহামাৰীৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ মাজতে জিলাখনত হোৱা ব্যাপক জনসমাগম ৰোধৰ প্ৰতি লক্ষ্য ৰাখি অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰিছে। এই নিতী অনুসৰি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে যুগ্ম আৰু মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শণিবাৰে প্ৰশাসনৰ তৰফৰ পৰা অযুগ্ম পঞ্জীয়ন থকা বাহনসমূহ চলাচল কৰিব পাৰিব।
বাহনসমূহ চলাচল কৰাৰ সময়ত চালকৰ পৰিচয় পত্ৰ তথা অন্যান্য যাৱতীয় নথিপত্ৰ লগত ৰখাটো বাধ্যতামূলক। এই নিতী বলৱৎ থকাৰ সময়ত পৰিচয় পত্ৰসহ কৰ্মস্থলীলৈ অহা কৰ্মচাৰী, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী তথা জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱা আৰু সংবাদ সেৱাৰ লগত জড়িত লোকসকলক ৰেহাই দিয়া হৈছে।
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।