৪ বছৰত বিজেপিৰ জীয়া ফাঁকিঃ কংগ্ৰেছৰ মূখ্যমন্ত্ৰী হব পাৰে আমন্ত্ৰিত নিৰপেক্ষ ব্যক্তি অখিল গগৈ বা ড° হীৰেণ গোহাঁই!

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ জুলাই, গুৱাহাটী :: গত কেইবাটাও দশকব্যাপী মাথো মিথ্যাচাৰ, প্ৰলোভন ইত্যাদিকেই ৰাজনীতিৰ মূল হাথিয়াৰ হিচাপে লৈ একাংশ ৰাজনৈতিক দলে সাধাৰণ জনতাক অত্যন্ত চাতুকাৰিতাৰে মূৰ্খৰ স্বৰ্গত ৰাজকাৰেঙ সজাৰ স্বপ্ন দেখুৱাই দিছপুৰৰ মছনদ দখন কৰি অহাহে সাধাৰণ ৰাইজৰ পৰিলক্ষিত হৈছে। কোৱা বাহুল্য যে, কি অগপ, কি কংগ্ৰেছ, কি বিজেপি! ৰাজ্যখনৰ ২,১৮,১৫,৮২৩ গৰাকী ভোটাৰক নানা সময়ত নানানটা চলাহী কথাৰে উপৰ্যুপৰি প্ৰতাৰণা কৰি আহিছে এইসকলে। এটা সময়ত অগপৰ সোণৰ অসম, পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সমবিকাশ নীতিৰে শাসনৰ বাঘজৰীলৈ অহাৰ পৰৱৰ্তী সময়তেই সমুলঞ্চে নিপাত যোৱা প্ৰমাণিত হৈ আহিছে। উল্লেখ্য যে, অগপৰ সোণৰ অসম নিৰ্বিচাৰ হত্যাৰ অসমলৈ পৰ্য্যবসিত হোৱাৰ প্ৰমাণ ইতিহাস হিচাপে মূৰ দাঙি আছে। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সমবিকাশ, উন্নয়ন ইত্যাদি শ্লগান সমূহে নিজ দলৰ মজিয়াতে আত্মবিকাশ, আত্ম উন্নয়নলৈহে ধাৱমান হোৱা পৰিলক্ষিত হয়। ইয়াৰ পৰৱৰ্তী সময়চোৱাত বিদেশীৰ ঢৌত জাতি, মাতি, ভেটি উচন হোৱাৰ ভয়ানক প্ৰতিচ্ছবি দেখুৱাই বিজেপি দলে শাসনলৈ অাহিলে চুইছ বেংকৰ ক’লা ধনেৰে দেশবাসীৰ দৰিদ্ৰতাক সমুলঞ্চে নিৰ্বাপন কৰাৰ, জাতি-মাটি-ভেটি ৰক্ষাৰ যি আশ্বাস প্ৰদান কৰিছিল ই সময়ত স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ সবাটোকৈ জীয়া ফাঁকি হিচাপেহে পৰিগণিত যে হৈছে সেইয়া ৰাইজে ভালদৰে বুজি উঠিছে।

শাসনাধিষ্ঠ বিজেপি দলে দিল্লীৰ মছনদ দখল কৰাৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যখনতো মিথ্যাচাৰৰ হাথিয়াৰেৰে দিছপুৰ দখল কৰাৰ পাছত পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিয়া সকলক, নাৰ্য প্ৰাপ্য বিচৰা সকলক বিভিন্ন ধৰণেৰে নানানটা আইনৰ অধীনত বন্দী কৰি ৰাষ্ট্ৰদ্ৰোহী সজোৱা বিষয়টোৱে অনাগত সময়ছোৱাত যে বিজেপিৰ বিৰুদ্ধে ব্যাপক প্ৰভাৱ পেলাব ই নিশ্চিত। তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ, ইচ্ছানুসৰি আইন প্ৰণয়ন, কাগজ কল বন্ধ কৰা ইত্যাদিৰে ৰাজ্যখনত এক অচল অৱস্থাৰ সৃষ্টি কৰি সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰি তোলা কাৰ্যৰে বিজেপি দলে খাল খান্দি যে জখিনী মাতিছে ই প্ৰতিয়মান হৈ পৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

কা আন্দোলনৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়চোৱালৈকে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অধ্যয়ন কৰি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ কোনো কৌশল অৱলম্বন কৰিব নোৱাৰাৰ সময়তেই ৰাজ্যৰ এগৰাকী জেষ্ঠ সাংবাদিক(অজিত কুমাৰ ভূঞা নহয়) সৰব হৈ পৰিছে। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি উক্ত সাংবাদিকজনে ২০২১ ত বিজেপিক ভেটিব পৰাকৈ এক নতুন কৌশল হাতত লৈ ইতিমধ্যে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সৈতে যোগাযোগ কৰিছে। উল্লেখ্য যে সৰ্বগ্ৰাসী ক’ৰনাৰ সময়চোৱাত নিৰ্বাচনী ৰণশিঙা বজাবলৈ তিলমানো স্থিতি অৱলম্বন কৰিবলৈ সক্ষম নোহোৱা কংগ্ৰেছ দলৰ হৈ সম্পূৰ্ণ নতুন কৌশলেৰে জনতাৰ মাজলৈ যাবলৈ সাজু হৈছে এইবাৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ অহা একাংশ পৰিবৰ্তনকামী জনতা।

জানিব পৰা মতে, সাংবাদিক গৰাকীৰ কৌশলত অন্তৰ্ভুক্ত হৈছে ২০২১ত ৰাজ্যত কংগ্ৰেছক শাসনলৈ অনাৰ ন ন কৌশল। ইয়াৰ ভিতৰত মূখ্যতে আছে মূখ্যমন্ত্ৰী প্ৰক্ষেপৰ প্ৰসংগও। সূত্ৰটোৰ পৰা জানিব পৰা অনুসৰি ৰাজ্যৰ কোনো বিশিষ্ট বুদ্ধিজীৱি, নিৰপেক্ষ নেতাৰ মূখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰিবলৈ এক কৌশল যুগুত কৰি শীঘ্ৰেই সাংবাদিক গৰাকীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰোপৰি সাংবাদিক গৰাকীৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছে তেল, গেছ আৰু চাহৰ অধিকাৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰাৰ।

কোৱা প্ৰয়োজন যে, সাংবাদিক গৰাকীয়ে যুগুতাই উলিওৱা এই আঁচনিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে সেউজ সংকেত দিলেই যে ৰাজ্যখনৰ ৰাজনীতিয়ে এক বিশেষ গতি লব ই অনস্বীকাৰ্য। ৰাজ্যবাসীৰ দুৰ্দশালৈ লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে এই আঁচনিত অনুমোদন জনালে পৰৱৰ্তী সময়ত ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ আসনত ড° হীৰেণ গোহাঁই অথবা কৃষ্ণক নেতা অখিল গগৈ উপবিষ্ট হব ইয়েই নিশ্চিত বুলি জানিব পৰা গৈছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

One thought on “৪ বছৰত বিজেপিৰ জীয়া ফাঁকিঃ কংগ্ৰেছৰ মূখ্যমন্ত্ৰী হব পাৰে আমন্ত্ৰিত নিৰপেক্ষ ব্যক্তি অখিল গগৈ বা ড° হীৰেণ গোহাঁই!

  • July 16, 2020 at 1:30 pm
    Permalink

    good idea!ডঃ হীৰেন গোহাঁই চাৰক মুখ্যমন্ত্ৰী পাতক। উত্তম ব্যক্তি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *