শিৱসাগৰ-চৰাইদেউত পুনৰ ৮জনকৈ ক’ৰনা আক্ৰান্তক চিনাক্তঃ ট্ৰেভেল হিষ্টৰী নথকা আশা কৰ্মীৰ দেহত ক’ভিড-১৯
ডিজিটেল ডেস্ক, বিতৰ্ক, ১ জুলাই, শিৱসাগৰ :: শিৱসাগৰত বহিঃৰাজ্যৰ পৰা অহা ৭ জনকৈ ব্যক্তি পুনৰ ক’ৰনাত আক্ৰান্ত হৈছে। কোৱাৰেণ্টাইন থকা ব্যক্তিসকলৰ ভিতৰত গড়গাঁও কলেজৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা চিন্তামনি হাজৰিকা(৩১), হোটেল ৰাজপেলেচত থকা আদিল আহমেদ (২৭), শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা দুলুমণি টায়ে(২৯), দেৱেশ্বৰ মিলি (২৯),পৱন য়েইন (২৫),টুৱাৰাম মিলি (২১), আৰু অৰুন মিলি(১৯) বুলি জানিব পৰা গৈছে।
ইফালে চৰাইদেউ জিলাৰ টেঙাপুখুৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চিৰিং গাৱঁৰ উপস্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আশা কৰ্মী জুনু চেতিয়াৰ দেহতো পোৱা গৈছে ক’ভিড-১৯ৰ উপস্থিতি। এইগৰাকী আশা কৰ্মীৰ ঘৰ শিৱসাগৰৰ ১নং কোৱৰ গাওঁত বুলি জানিব পৰা গৈছে। তেখেতৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। যোৱা ২৫ জুনত সোণাৰীত আশা কৰ্মী গৰাকীৰ স্বাৱ টেষ্ট কৰা হৈছিল। জানিব পৰা মতে এইগৰাকী আশা কৰ্মীয়ে চিৰিং গাঁও অঞ্চলৰ লোকক সততে বেজি আৰু চেলাইন পৰ্যন্ত দিয়ে। যাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলৰ লোকৰ মাজত ৰোগবিধৰ গণসংক্ৰমণৰ আশংকা অধীক ঘণীভূত হৈ পৰিছে।
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।