টিকটকৰ লগতে অন্য কেইবাটাও এপ ভাৰতত বন্ধৰ নিৰ্দেশ.. …

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ জুন, শিৱসাগৰ :: অৱশেষত ভাৰতত নিষিদ্ধ হ’ল টিকটক। আজি কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা। ভাৰতত টিকটক সহিতে মুঠ ৫৯টা চীনৰ এপছ ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ মাধ্যমেৰে জানিব পৰা গৈছে। সীমান্তত চলি থকা চীনৰ সৈতে সংঘাত্মক পৰিৱেশৰ মাজতে নিৰাপত্তাজনীত কাৰণত এই এপছসমূহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ ভিতৰত টিকটকতে আছিল ভাৰতৰ সৰ্বাধিক ব্যৱহাৰকাৰী।

নিষিদ্ধ কৰা আন এপছবোৰৰ ভিতৰত আছে- ইউ চি ব্ৰাউজাৰ, বি ইউ ক্লিনাৰ, উই মীট, চুইট ছেলফী, বি ইউ প্ৰাইভেছী, ভিগ ভিডিঅ, কেম স্কেনাৰ, ফটো ৱাণ্ডাৰ, কিউ কিউ প্লেয়াৰ, বিউটী প্লাছ, উই চাট, হেল্ল, ইউ কেন মেকআপ আদি। ভাৰতৰ লগত চলি থকা চীনৰ যুদ্ধং সদৃশ পৰিস্থিতিৰ বাবে চীনা সামগ্ৰী তথা এপসমূহ বৰ্জন ও নিষিদ্ধকৰণৰ বাবে বিভিন্ন পক্ষই দাবী তুলি আহিছিল।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *