ক’ৰনাৰ সন্মুখত আত্মসমৰ্পণ কৰিছে প্ৰধানমন্ত্ৰীয়েঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৭ জুন, শিৱসাগৰ :: দেশত ক’ৰনাৰ সংক্ৰমণৰ সংখ্যা ৫ লাখ অতিক্ৰম কৰিলে পাচ লাখৰ সংখ্যা। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি টুইটোত কয় য়ে নতুন নতুন অঞ্চললৈ ক’ৰনাৰ সংক্ৰমণ ঘটাৰ পাছতো ইয়াৰ সমাধানৰ বাবে ভাৰত চৰকাৰে হাতত কোনো পৰিকল্পনা লোৱা নাই‍।

ৰাহুল গান্ধীয়ে লগতে উল্লেখ কৰি কয় যে এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী মৌন হৈ আছে। উল্লেখ্য যে ভাৰতত ধাৰাবাহিকভাৱে দ্ৰুত গতিত বৃদ্ধি পাই থকা ক’ৰনাৰ সংক্ৰমণে চৰকাৰৰ লগতে সাধাৰণ জনতাকো চিন্তিত কৰি তুলিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৮,৫৫২ গৰাকী লোক ক’ৰনাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৪ গৰাকী ৰোগী। আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰনাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *