সমগ্ৰ গুৱাহাটীত ল’কডাউনৰ সম্ভাৱনা! কাইলৈ লোৱা হ’ব পাৰে সিদ্ধান্ত

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৫ জুন, গুৱাহাটী :: গুৱাহাটীত ক্ৰমাৎ ভয়ংকৰ গতিত বৃদ্ধি পাব ধৰিছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিততে এতিয়া সমগ্ৰ গুৱাহাটীত ল’কডাউন বলৱত্‍ কৰাৰ সম্ভাৱনাই প্ৰবল হৈ পৰিছে। এই সন্দৰ্ভত শুকুৰবাৰে দিনৰ ১২ বজাত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল। গুৱাহাটীৰ ৰেনডম টেষ্টত ধৰা পৰিছে ৪০০ৰো অধিক ক’ৰনা পজিটিভ কেচ। এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই কয় যে, গুৱাহাটীত দিনে প্ৰায় ডেৰশ লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰনাৰ অৱস্থিতি। যাৰ অধিকাংশৰে নাই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী। ইফালে কাইলৈ দিনৰ ১২ বজাত আহ্বান কৰিবলগীয়া এক সংবাদমেলতে মন্ত্ৰী শৰ্মাই সকলো কথা বিশদ ভাবে উল্লেখ কৰিব বুলি জানিব পৰা গৈছে। আনকি তাত্‍পৰ্যপূৰ্ণ ভাবে সমগ্ৰ গুৱাহাটীত আকৌ ল’কডাউনৰ বলৱত্‍ হোৱাৰ সম্ভাৱনাও নুই কৰা নাই মন্ত্ৰীগৰাকীয়ে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *