শিৱসাগৰত মুন্নাভাইঃ ভূৱা চিকিৎসকৰ সন্দেহত এজনক আতক

মিনহাজউদ্দিন আহমেদ, বিতৰ্ক, ২৩ জুন, শিৱসাগৰ :: শিৱসাগৰত ভূৱা চিকিৎসকৰ সন্দেহত পশ্চিম বংগৰ এজন চিকিৎসকক আতক কৰে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ প্ৰগতি নাৰ্চিং হোমৰ পৰা আতক কৰে ডা: অমিত কুমাৰ সেনগুপ্তা নামৰ পশ্চিম বংগৰ চিকিৎসক জনক। ঘটনাৰ বিৱৰণী অনুসৰি শিৱসাগৰ প্ৰগতি নাৰ্চিং হোমত হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে প্ৰায় ২১ দিন পূৰ্বে বাহৰ পতা ডা: অমিত কুমাৰ সেনগুপ্তাই কেইবাজনো হৃদ ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছিল।

চিকিৎসালয় কতৃপক্ষই ডা: অমিত কুমাৰ সেনগুপ্তাক আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান কৰাৰ স্বাৰ্থত চিকিৎসক গৰাকীৰ চিকিৎসকৰ প্ৰকৃত প্ৰমাণ পত্ৰসমুহ অতিশীঘ্ৰে জমা দিবলৈ নিৰ্দেশ দিয়াৰ পাছতো যোৱা ২১ দিনে বিভিন্ন অজুহাতত জমা দিব নোৱাৰাৰ লগতে প্ৰগতি চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক সকলে কিছু বিসংগতি প্ৰত্যক্ষ কৰি শিৱসাগৰ আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত সোমবাৰে চিকিৎসক জনক আতক কৰি শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। উল্লেখ্য যে প্ৰগতি হাস্পতালৰ বিৰূদ্ধে পূৰ্বতেও এনে ধৰণৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। বৰ্তমান চিকিৎসাজনিত কাৰণত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা সন্দেহ জনক হৃদৰোগ বিশেষজ্ঞ ডা: অমিত কুমাৰ সেনগুপ্তা প্ৰকৃত চিকিৎসক নে ভূৱা চিকিৎসক ই পোহৰলৈ আহিব শিৱসাগৰ আৰক্ষীৰ অনুসন্ধানৰ অন্তত।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *