গুৱাহাটীত ক’ৰনাৰ গণ সংক্ৰমণঃ ৱার্ডে ৱার্ডে হব লকডাউন

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৩ জুন, গুৱাহাটী :: ক’ৰনাৰ হটস্পট ৰূপে চিহ্নিত হোৱা গুৱাহাটী মহানগৰীত ৱার্ড অনুসৰি প্ৰযোজ্য হব সম্পূর্ণ লকডাউন৷ যোৱা সময়ছোৱাত ৰাজধানী চহৰখনৰ কেইবাটাও ৱার্ডত উদ্বেগজনকভাৱে ক’ৰনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰে আলোচনাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ বাবে কামৰূপ (মহানগৰ) জিলা প্রশাসন আৰু মুখ্য সচিবক নির্দেশ দিছে৷ এই অনুসৰি আজিৰ পৰা কার্যকৰী হোৱাকৈ জিলা প্রশাসনে মহানগৰীৰ একাংশ ৱার্ডত সম্পূর্ণ লকডাউন বলৱৎ কৰিব৷

কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, ১৪ দিনৰ বাবে এই লকডাউন সংশ্লিষ্ট ৱার্ডসমূহত কার্যকৰি হৈ থাকিব৷ আজি এই সন্দর্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। লকডাউন হবলগীয়া গুৱাহাটী পৌৰ নিগমৰ এই ৱার্ডকেইটা হ’ল– ২, ৩, ৪, ৫, ১০, ১৫ আৰু ১৬নং ৱার্ড৷ এই ৱার্ডকেইটাত যোৱা ৩টা দিনত এজনৰ পাছত এজন ক’ৰনা আক্রান্ত লোক চিনাক্ত হোৱাৰ পাছত স্বাস্থ্য বিভাগে ৱার্ডসমূহ কনটেইনমেণ্ট জ’নৰ পৰিৱর্তে ভয়াৱহ ভাইৰাছবিধ ৰোধ কৰাৰ বাবে সম্পূর্ণ লকডাউনৰ পোষকতা কৰিছে৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *