বাঘজানৰ কাণ্ডৰ বাবে OIL কৰ্তৃপক্ষই জগৰীয়াঃ প্ৰফুল্ল কুমাৰ মহন্তৰ
ডিজিটেল ডেস্ক, বিতৰ্ক, ১৮ জুন, শিৱসাগৰ :: আজি দিছপুৰ প্ৰেছ ক্লাবত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আয়োজন কৰে এক সংবাদমেলৰ৷ বাঘজান সন্দৰ্ভত সংবাদমেলত মহন্তই ১৫ তাৰিখে তিনিচুকীয়ালৈ বাঘজানৰ পৰিস্থিৰ বুজ ল’বলৈ যোৱাৰ কথা উল্লেখ কৰি যে বিশেষজ্ঞ-বিষয়াসকলে নিষ্ঠাৰে কাম কৰি আছে৷ জিলা প্ৰশাসনৰ মতে ১৬টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।
আটছাই ক্ষতিগ্ৰস্ত অঞ্চল আৰু লোকসকলৰ বাবে জনোৱা দাবীসমূহ সমৰ্থন কৰি মহন্তই অধিক ক্ষতিগ্ৰস্থসকলক সহায় কৰি আদৰ্শ গাঁও গঢ়ি তুলিব লাগে বুলি উল্লেখ কৰে৷ ভবিষ্যতে যাতে এনে বিপদৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক সতৰ্ক হোৱাৰ আহ্বান জনায়৷ ‘OIL কৰ্তৃপক্ষ আৰু চৰকাৰে আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহৰ সমাধান কৰিব লাগে৷ বাঘজানৰ ঘটনাৰ বাবে OIL–এ দায়ী, অৱশ্যে এতিয়া নিজৰ দায়িত্ব চমজি লৈছে৷ চৰকাৰে স্পেচিয়েল ফ’ৰ্চ তালৈ পঠিয়াব লাগিছিল, এতিয়ালৈ চৰকাৰক ৰিপ’ৰ্ট দাখিল কৰা নাই’- এইদৰে সংবাদমেলত বক্তব্য দাঙি ধৰি সম্পূৰ্ণৰূপে অইলক দোষাৰোপ কৰে প্ৰাক্তন মূখ্যমন্ত্ৰীজনে।
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।