শিৱসাগৰত বিজেপি নেত্ৰীৰ ছত্ৰছায়াত কেন্দ্ৰীয় বজাৰৰ নিবিদা অবিহনে গটোৱাৰ অভিযোগ

চাহিল হাজৰিকা আৰু মিনহাজউদ্দিনৰ প্ৰতিবেদন, বিতৰ্ক, ১৭ জুন, শিৱসাগৰ :: শিৱসাগৰত বিজেপি নেত্রীক তুষ্টিকৰণৰ বাবে জিলা উপায়ুক্ত আৰু পৌৰসভাৰ কার্যবাহী বিষয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ব ৰায় আৰু পৌৰ প্রশাসন সঞ্চালকালয়ৰ নিদ্দের্শক অংগুষ্ঠ প্রদর্শন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শাসকীয় দলৰ নেত্রীক তৈলমর্দন কৰিবলৈ গৈ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰৰ পৌৰপ্রশাসন সঞ্চালকালয়ে প্রদান কৰা ৰায় আৰু নির্দেশকো অংগুষ্ঠ প্রদর্শন কৰি বিজেপি নেত্রী সুৰভী ৰাজকুমাৰীৰ ঘনিষ্ঠ মহলক বজাৰ গটোৱাৰ স্বার্থত পদক্ষেপ গ্রহণ কৰাৰ অভিযােগ উত্থাপন হৈছে শিৱসাগৰ জিলা উপায়ুক্ত আৰু পৌৰসভাৰ কার্যবাহী বিষয়া মনােৰমা মৰাংৰ বিৰুদ্ধে।

পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ নিৰ্দেশ

ঘটনাৰ বিৱৰণী অনুসৰি অসম চৰকাৰৰ Directorate of Municipal Administration ৰ কার্যালয়ৰ পৰা ২৯ ফেব্রুবাবী ২০২০ তাৰিখে নং ডি এমএ৪৯/২০০৫/পিটি-আই/৪৪৫ নম্বৰৰ পত্রযােগে পৌৰ সঞ্চালকালয়ে শিৱসাগৰ পৌৰসভাক কেন্দ্রীয় বজাৰৰ নিবিদা প্রক্রিয়া তৎকালীনভাৱে আৰম্ভ কৰিবলৈ নিদ্দের্শ দিছিল। কিন্তু এই নিদ্দের্শক বুঢ়া আঙুলি দেখুৱাই পৌৰসভাৰ কার্যবাহী বিষয়াই বর্তমানাে বজাৰৰ নিবিদা প্রক্রিয়া আৰম্ভ নকৰাক লৈ জিলাখনত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ। ইফালে বিজেপিৰ জিলা সভানেত্রী সুৰভী ৰাজকুমাৰীৰ ঘনিষ্ঠ তথা পুর্বৰ লেচীক বজাৰখনৰ ম্যাদ বৃদ্ধিৰ স্বার্থত নিবিদা প্রক্রিয়া আৰম্ভ নকৰাৰ অভিযােগত আচৰ্য প্ৰকাশ কৰিছে বীৰ লাচিত সেনা আৰু আহােম সেনাই। সংগঠন দুটাই বিজেপি নেত্রী গৰাকীক তুষ্টিকৰণৰ বাবেই পৌৰ সঞ্চালকালয়ৰ নির্দেশৰ পিছতাে নিবিদা প্রক্রিয়া আৰম্ভ নকৰাৰ অভিযােগ উত্থাপন কৰিছে। এইক্ষেত্রত তৎকালীনভাবে নিবিদা প্রক্রিয়া আৰম্ভ কৰিবলৈ সংগঠন দুটাই জিলা উপায়ুক্তক স্মাৰক পত্রযােগে দাবী উত্থাপন কৰাৰ লগতে অতি শীঘ্রে নিবিদা প্রক্রিয়া আৰম্ভ নকৰিলে তীব্র প্রতিবাদ কৰা হ’ব বুলি সকিয়াই দিছে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

উল্লেখ্য যে পৌৰ সঞ্চালকালয়ৰ নিবিদা আৰম্ভ কৰাৰ নির্দেশনাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পূর্বৰ লেচী ৰঞ্জিত দাস। কিন্তু ন্যায়ালয়েও (কেচ নং WPC/2060/2020) এই গােচৰৰ ৰায়দান কৰি ২০ মার্চ তাৰিখেই নিবিদা প্রক্রিয়া চলাই নিবলৈ পৌৰসভাক নিৰ্দেশ দিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়কো গুৰুত্ব প্রদান নকৰি একমাত্র ৰাজনৈতিক লাভালাভৰ বাবেই কৰাৰ পৌৰসভাৰ কার্যবাহী বিষয়াই আজি পর্যন্ত আৰম্ত নকৰাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে সহজভাৱে লব পৰা নাই।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *