শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ জুন, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।, উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। বৈঠকত গড়কাপ্তানী গৃহ, গড়কাপ্তানী ক্ষেত্ৰীয় পথ সংগমণ্ডল, গড়কাপ্তানী ৰাষ্ট্ৰীয় ঘাইপথ, জনস্বাস্ত্য কাৰিকৰী, জলসম্পদ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আদি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়। এই বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি তেওঁলোকৰ বিভাগীয় আঁচনি সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।

উল্লেখ্য যে, মহামাৰী ক’ভিড-১৯ ৰোগৰ সাম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তথা সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ বাবে জিলা উন্নয়ন সমিতিৰ বৈঠক আজিৰে পৰা অহা ১ জুলাই লৈকে ৭ টা পৰ্য্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকত বিভাগীয় আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলা উপায়ুক্তই আঁচনি সমূহৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শেষ কৰিবলৈ আৰু গুণগত মানদণ্ডৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈও বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। স্বাস্থ্য বিভাগৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনৰ লগতে সকলো চৰকাৰী বিভাগৰ বিষয়া সকলৰ স্বাৱ পৰীক্ষা কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে বৈঠকত সদৰি কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *