আমগুৰিঘাট জামে মছজিদত চুৰৰ তান্দৱঃ লুটি নিলে ১৫হাজাৰোধিক টকা

চাহিল হাজৰিকাৰ সহযোগত মিনহাজউদ্দিন আহমেদ, বিতৰ্ক, ১৭ জুন, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ আমগুৰি ঘাট জামে মছজিদৰ দান পাত্ৰ পৰা যোৱা নিশা চুৰে চুৰি কৰি লৈ যায় পোন্ধৰ হাজাৰোধিক টকা। ঘটনাৰ বিৱৰণী অনুসৰি মছজিদতোৰ দৰ্জা ভাঙি যোৱা নিশা দুৰ্বৃত্তই মছজিদ চৌহদত প্ৰৱেশ কৰি দান পাত্ৰত জমা থকা সমুদায় ধন চুৰি কৰি লৈ যায়। এই কথা আজি মছজিদ পৰিচালনা সমিতিয়ে অৱগত হোৱাত আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোচৰ ৰুজু কৰাৰ লগতে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে অঞ্চলতোত থকা কিছুসংখ্যক ভাড়াঘৰত মালিক পক্ষই সন্দেহযুক্ত লোকক ৰাইজৰ আপত্তিৰ পাছতো ঘৰ ভাৰাত দি আহিছে।

পৰিচালনা সমিতিৰ দ্বাৰা দিয়া নিয়মাৱলী

যাৰ পৰিপ্ৰেক্ষিতত সেই সন্দেহযুক্ত লোকেই এই কাৰ্য সংঘটিত কৰিছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইয়াৰোপৰি মছজিদ পৰিচালনা সমিতিয়ে অঞ্চলতোৰ স্থানীয় লোকৰ বাহিৰে ক’ৰনা সন্ত্ৰাসৰ বাবে অন্য লোকৰ প্ৰৱেশত বাধা আছে বুলি স্পষ্টৰূপে নিয়ম বান্ধি আৰি দিয়াৰ পাছতো একাংশ কিছু সন্দেহযুক্ত লোকে মছজিদত প্ৰৱেশ কৰাক লৈওঁ অঞ্চলতোৰ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত ৰাইজে আৰক্ষীক দোষীক চিনাক্ত কৰি শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ দাবী জনাইছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *