শিৱসাগৰৰ বিশিষ্ট সাংবাদিক গুণ বৰুৱাৰ দেহাৱসানঃ শোকস্তব্ধ শিৱসাগৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৬ জুন, শিৱসাগৰ :: শিৱসাগৰ প্ৰবীন সাংবাদিক গুণ বৰুৱাই আজি নিজ বাসগৃহত ১১:৪৩ বজাত ইহলীলা সম্বৰণ কৰে। বৰুৱা দৈনিক জনমভূমিৰ সৈতে প্ৰতিষ্ঠানটোৰ জন্মলগ্নৰে পৰা জৰিত হৈ আছিল। তেখেত দৈনিক জনমভূমিৰ প্ৰতিস্থাপক সম্পাদক প্ৰফুল্ল বৰুৱাৰ ভাতৃ আছিল। বৰুৱাই সংবাদ প্ৰতিষ্ঠানটোৰ জিলা সদৰ সাংবাদিক ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৪০ চনত জন্মগ্ৰহণ কৰা বৰুৱাই জাঁজি হেমনাথ শৰ্মা কলেজত অধ্যাপনা কৰিছিল। গুণ বৰুৱা আছিল প্ৰথম কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা বিজয়ী সাংবাদিক। তেখেতে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সুদীৰ্ঘ কাল সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি তেখেত শিৱসাগৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক উপদেষ্টা আছিল। যোৱা সোমবাৰে গুণ বৰুৱাই তেখেতৰ সম্পাদিত অভিনন্দন গ্ৰন্থ ‘গুণাকৰ’ৰ সম্পাদনা শেষ কৰিছিল। কিন্তু ভাগ্যৰ পাকচক্ৰত পৰি গ্ৰন্থৰ উন্মোচনৰ পূৰ্বেই মৃত্যু হল গুণ বৰুৱাৰ। তেখেতৰ মৃত্যুত শিৱসাগৰ জিলা সাংবাদিক সন্থা, শিৱসাগৰ প্ৰেছ ক্লাৱ, আছু, ঐক্য সেনা অসম, আটাছুকে আদি কৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

আমি ‘বিতৰ্ক’ পৰিয়ালৰ তৰফৰ পৰাও এজন বিশিষ্ট সাংবাদিকৰ মৃত্যুত প্ৰকাশ কৰিছো গভীৰ শোক। গুণ বৰুৱাৰ বিদেহী আত্মাৰ চিৰশান্তি লাভ কৰক তাৰেই আমাৰ কাম্য।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *