নাজিৰাত বিজেপিৰ জনসম্পৰ্ক অভিযানঃ অংশ গ্ৰহণ প্ৰাক্তন ৰে’ল মন্ত্ৰীৰ, Video…

ভিডিঅ জাৰ্ণালিষ্ট অংশুমান দত্তৰ সহযোগত নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজ ফুকনৰ ৰিপৰ্টঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ প্ৰথম বৰ্ষপুতি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অসম চৰকাৰ চতুৰ্থ বৰ্ষপুতি উপলক্ষে আজি ৰাজ্যজুৰি অসমৰ ৫০লাখ পৰিয়ালৰ ঘৰে ঘৰে আৰম্ভ হৈ জনসম্পৰ্ক অভিযান। এই জনসম্পৰ্ক অভিযান যাত্ৰা অনুস্থিত হয় নাজিৰাতো। নাজিৰাত জন সম্পৰ্ক অভিযান যাত্ৰাত অংশ ললে প্ৰাক্তন ৰে’ল মন্ত্ৰী ৰাজেন গোহাইয়ে।

বিজেপি  চৰকাৰখনে বিগতে চাৰি বছৰীয়া কাৰ্য্যকালত কাম কাজ তথা আগন্তুক দিন সমুহত চৰকাৰ খনে ৰাইজৰ মাজলৈ আগবঢ়োৱা উন্নয়নৰ আঁ‌চনি সমূহ জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যেৰে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে গৈ জনপ্ৰতিনিধি সকলে অৱগত কৰাৰ এই অভিযান নাজিৰাত আজি পুৱাই প্ৰাক্তন ৰে’ল মন্ত্ৰী গৰাকীয়ে শুভাৰম্ভ কৰে প্ৰাক্তন ৰে’ল মন্ত্ৰী গৰাকীয়ে । আজিৰে পৰা ৩০ জুনলৈকে চলিব এই অভিযান।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *