ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ
নয়নমণি ভৰদ্বাজ ফুকন, বিতৰ্ক, ১৫ জুন, শিৱসাগৰ :: যোৱা ১২ জুন তাৰিখে গুৱাহাটীৰ নুনমাটিত সংঘটিত হৈছিল এক লোমহর্ষক হত্যাকাণ্ড। ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক কৰা হৈছিল হত্যা। এই হত্যাকাণ্ডৰ পাছতেই সমগ্ৰ ৰাজ্য উতপ্ত হৈ পৰিছিল। আজি এই হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ শিৱসাগৰ জিলা সমিতিয়ে। সংগঠন দুটাই আজি মৃত পেগুৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰা, ভূক্তভোগীৰ পত্নীক চৰকাৰী চাকৰি প্ৰদান কৰা, পেগুৰ পৰিয়ালক ৫০ লাখ টকাৰ সাহাৰ্যকে আদি কৰি কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।