জয়সাগৰত গছপুলি ৰোপণ ও শ্ৰমদান কাৰ্যসুচী সম্পন্ন

বিশেষ প্ৰতিবেদক, বিতৰ্ক, ১৪ জুন, শিৱসাগৰ :: আজি জয়সাগৰ গাওঁৰক্ষী বাহিনীৰ উদ‍্যোগত তথা জয়সাগৰ আৰক্ষী চকী আৰু ‘সেউজী ধৰনী ধুনীয়া’ৰ সহযোগত জয়সাগৰ আৰক্ষী চকীৰ চৌহদত গছপুলি ৰোপণ আৰু শ্ৰমদান কাৰ্যসুচী সম্পন্ন হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া ধীৰাজ জ্যোতি নমচুদ্ৰে।

আজিৰ আযোজিত উক্ত কাৰ্যসূচীত উপস্থিত থাকে গাওঁৰক্ষী বাহিনীৰ শিৱসাগৰ মহকুমাৰ উপদেষ্টা বিশ্ব ভূঞা আৰু পৰিবেশ কৰ্মী শ্ৰী নৱজ‍্যোতি শইকীয়া। জয়সাগৰ গাওঁৰক্ষী বাহিনীৰ সকলো সদস্যই একোটিকৈ গছপুলি প্ৰদান কৰাৰ লগতে নৱজ‍্যোতি শইকীয়াই থানাৰ সকলো পুলিচ কৰ্মী তথা উপস্থিত ৰাইজক একোখনকৈ মাস্ক প্ৰদান কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *