নৃশংস! দিন-দুপৰতে নুনমাটিত সংঘটিত হল লোমহৰ্ষক হত্যাকাণ্ডঃ চাওঁ আহক সবিশেষ তথ্য…

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ জুন, গুৱাহাটী :: গুৱাহাটীৰ নুনমাটিত শুকুৰবাৰে সংঘটিত এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ সাধাৰণ কথাক লৈ হোৱা কাজিয়াৰ পৰিণতিত এটি কিশোৰে চোকা অস্ত্রৰে ডিঙি ৰেপি হত্যা কৰে ঋতুপর্ণ পেগু নামৰ যুৱকজনক৷ শুকুৰবাৰে বিয়লি প্রায় ২.৩০ বজাত নুনমাটিত জনচক্ষুৰ সন্মুখতে সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডক লৈ উত্তেজনাই বিৰাজ কৰিছে৷

ঘটনাৰ বিৱৰণী অনুসৰি ঋতুপৰ্ণ পেগুৰ ঘৰ চিলাপথাৰত আৰু তেওঁ আৰমান হোম ফাৰ্নিছিংত চেলচমেন হিচাপে কাম কৰিছিল, কিন্তু কিছু দিনৰ আগত চাকৰিৰ পৰা অব্যাহতি লৈছিল। চাকৰি এৰাৰ পাছতো মাজে সময়ে ঋতুপৰ্ণ সেই দোকানলৈ গৈছিল। কালিও ঋতুপৰ্ণ সেই দোকানখনলৈ গৈছিল আৰু কিছু কথাক লৈ ঋতুপৰ্ণ কিশোৰ জনৰ লগত তৰ্কত লিপ্ত হয়। ঋতুপৰ্ণই কৰ্মচাৰীজনক এটা চৰ শোধায়। তাৰ পাছতেই এই তর্ক মাৰপিটলৈ ৰূপান্তৰৰিত হয়। কৰ্মচাৰীজনে ঘৰলৈ গৈ এই কথা পৰিয়ালক অৱগত কৰে আৰু ঘৰৰ পৰা লৈ অহা এখন চুৰীৰে ঋতুপৰ্ণৰ ডিঙি ৰেপি দিয়াৰ ফলত ঋতুপৰ্ণ মাটিত ঢলি পৰে। স্থানীয় লোকে যদিও তেওঁক এখন চিকিৎসালয়লৈ লৈ আহে, কিন্তু চিকিৎসকে ঋতুপৰ্ণক মৃত ঘোষণা কৰে। এই খবৰ লাভ কৰাৰ লগে লগে ঋতুপৰ্ণ পেগুৰ সাত মহীয়া সন্তান কোলাত লৈ তেওঁৰ পত্নী সেই স্থানত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিবেশ সৃষ্টি হয়।

ইফালে, ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী কিশোৰজনৰ লগতে পিতৃ দুলাল আলী, মাতৃ মনোৰমা খাতুন, ভাতৃ ইব্রাহিম আলীক গ্রেপ্তাৰ কৰাৰ লগতে দোকানৰ স্বত্বাধিকাৰী আৰমান আলীকো সোধা–পোছাৰ বাবে আটক কৰে৷ দোকানৰ চিচি টিভিৰ ফুটেজত হাতত চোকা অস্ত্র লৈ কিশোৰজনে ঋতুপর্ণক হত্যা কৰিবলৈ খেদি ফুৰা দৃশ্য বন্দী হৈছে৷ উক্ত সময়ত ঘটনাস্থলীত উপস্থিত থকা লোকসকলে কিশোৰজনক বাধা দিয়াৰ চেষ্টা চলাইছিল যদিও সুযোগ বুজি কিশোৰজনে ঋতুপর্ণক ডিঙি ৰেপি হত্যা কৰে৷ আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত ছুৰীখন উদ্ধাৰ কৰাৰ লগতে সম্প্রতি আৰক্ষীয়ে অভিযুক্তসকলক জেৰা অব্যাহত ৰাখিছে৷ ইফালে ঋতুপৰ্ণ পেগুৰ হত্যাৰ তদন্তৰ দায়িত্ব CID ক অৰ্পণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *