নাজিৰাত সঘনাই বিদ্যুতৰ কৰ্তনঃ গুৰুত্ব নাই বিভাগীয় কতৃপক্ষৰ

নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজ ফুকনৰ ৰিপৰ্ট, বিতৰ্ক, ১৩ জুন :: এফালে উৎকত গৰমে অতিষ্ঠ কৰিছে ৰাইজক আনহাতে হৈছে বিদ্যুতৰ সঘনাই কৰ্তন। প্ৰতিবছৰে এইদৰে গৰমৰ দিনত সঘনাই বিদ্যুত কৰ্তনৰ কৰা বিভাগতোৰ বাবে এক নিত্য নৈমিত্তিক ঘটনা ৰূপে পৰিগণিত হৈছে। উল্লেখ্য যে নাজিৰা মহকুমাত বিদ্যুত যোগানৰ ক্ষেত্ৰত যোৱা তিনি চাৰিটা দিন ধৰি সঘনাই হৈ আছে কৰ্তন।

দিনতোত কেইবাঘণ্টা সময় ধৰি নাজিৰা, শিমলুগুৰি, ৰজাপুল, বুধবাৰী সত্ৰ, বৰটলকে আদি কৰি বিভিন্ন অঞ্চলত কালি সন্ধিয়াৰ পৰা নিশা ১০ বজা পৰ্যন্ত বিদ্যুতৰ যোগান বন্ধ হৈ পৰাৰ ফলত ৰাইজে গৰমত হাৰাশাস্তিত ভূগিব লগা হৈছে। এইক্ষেত্ৰত বাৰম্বাৰ কতৃপক্ষক অভিযোগ দিয়াৰ পাছতো কিন্তু কানসাৰ দিয়া পৰিলক্ষিত নহল গড়গাঁৱৰ বিদ্যুত বিভাগৰ উপ সংমণ্ডলে। নাজিৰা মহকুমা অঞ্চলৰ ৰাইজে এইক্ষেত্ৰত বিভাগক বিদ্যুত যোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *