শিৱসাগৰৰ দিখৌ নৈত উদ্ধাৰ মৃতদেহ
শিৱসাগৰৰ পৰা মিনহাজউদ্দিন আহমেদৰ ৰিপৰ্ট, বিতৰ্ক : আজি শিৱসাগৰৰ দিখৌ নদীৰ পানীত উটি অহা মৃতদেহৰ বাবে পুৱা ব্যাপক উৎসুকতাৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী অনুসৰি পুৱা ৮ মাজ বজাত জিলাখনৰ ফুকন নগৰৰ সমীপৰ মেটেকাঘাট বাহঁৰ দলঙত লাগি ৰোৱা উৱলি যোৱা মৃতদেহটো দেখি ৰাইজে আৰক্ষীক খবৰ দিয়ে। নদীৰ সোতেঁ মৃতদেহটো উক্ত স্থানৰ পৰা উটোৱাই নিয়াত আৰক্ষীয়ে অৱশেষত দুপৰীয়া অৰ্জুনগুৰি সমীপৰ দিখৌ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত ব্যক্তিজন ফুকন নগৰৰ স্বৰ্গীয় প্ৰসেনজিৎ চলিহাৰ ঘৰত থকা ঘন মেচ (৬৫) বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ব্যক্তিজন সৰুৰে পৰা তেওঁলোকৰ ঘৰত আছে যদিও মৃত ব্যক্তিগৰাকীৰ প্ৰকৃত ঠিকনা জানি পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত প্ৰয়াত চলিহাৰ পৰিয়ালে যোৱা ১০ জুন তাৰিখে শিৱসাগৰ সদৰ আৰক্ষী থানাত মৃত ব্যক্তজন নিখোজ হৈ আছে বুলি অভিযোগ দাখিল কৰিছিল। কি পৰিস্থিতিত মেচৰ মৃত্যু হল সেই সন্দৰ্ভত এতিয়াও তথ্য লাভ কৰা নাই। উল্লেখ্য যে মেচ প্ৰকৃততে কিমানদিন ধৰি নিখোজ হৈ আছিল সেই সম্পৰ্কেও কোনো ধাৰণা লাভ কৰা হোৱা নাই। কিয়নো যোৱা ১০ জুন তাৰিখে ঘৰৰ পৰা দূৰত থকা চলিহাৰ পৰিয়ালে ঘৰত উপস্থিত হৈ মেচৰ সম্ভেদ নাপাই আৰক্ষীক অৱগত কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।