শিৱসাগৰত ক’ভিড-১৯ সাহাৰ্য পূঁজিলৈ ‘অভিমত ফৰ আসাম’ৰ সাহাৰ্য্য

ডিজিটেল ডেস্ক, বিতৰ্ক, ১২ জুন, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ কেইগৰাকীমান স্কুলীয়া ছাত্ৰৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী গোট ‘অভিমত ফৰ আসাম’ৰ দ্বাৰা জিলাখনৰ ক’ভিড-১৯ সাহাৰ্য পূঁজিলৈ ১২,৫০০ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয় । গোটটিৰ বিষয়ববীয়া ক্ৰমে আয়ুস্মান সমীৰ গগৈ, ৰাহুল আগৰৱাল, শিৱকিৰণ গগৈ, কাশ্যপ আগৰৱাল আৰু  অভিষেক ভড়ালীয়ে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত এই সাহাৰ্য্য আগবঢ়ায়।

জিলা উপায়ুক্ত গৰাকীয়ে এই যুৱক সকলৰ মহানুভৱতা আৰু সেৱাৰ মনোভাৱ প্ৰত্যক্ষ কৰি অত্যন্ত অভিভূত হয়। তেওঁ ‘অভিমত ফৰ আসাম’ৰ এই পদক্ষেপৰ আন্তৰিক শলাগ লোৱাৰ লগতে এই গোটটোৰ লগত জড়িত যুৱক সকলৰ উজ্বল ভৱিষ্যত কামনা কৰে। উল্লেখযোগ্য যে, ‘অভিমত ফৰ আসাম’ৰ লগত জড়িত যুৱক সকলে তৰ্ক  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰা নগদ পুৰস্কাৰ সঞ্চয় কৰি এই পূঁজি আগবঢ়ায়।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *