শিৱসাগৰ জিলা উপায়ুক্তৰ অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ জুন, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলাখনৰ নাজিৰা মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তত স্থিত শিঙীবিল সীমান্ত আৰক্ষী চকীৰ অধীনৰ অঞ্চল পৰিদৰ্শন কৰে যত যোৱাকালি জিলা প্ৰশাসন আৰু আৰক্ষীৰ যৌথ উদ্যোগত অবৈধ ভাৱে নিৰ্মিত তিনিটা বাঁহ-টিনপাতৰ ঘৰ উচ্ছেদ কৰা হৈছিল।

এই পৰিদৰ্শন কালত তেওঁ স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। তেওঁ স্থানীয় ৰাইজৰ সমস্যা সমাধানৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ আৰক্ষী আৰু শিঙীবিল সীমান্ত আৰক্ষী চকীত নিয়োজিত জোৱান সকলক সমগ্র অঞ্চলটোৰ নিৰাপত্তাৰ দিশত বিশেষভাৱে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰু নিয়মীয়াকৈ টহল দিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে শিঙীবিল সীমান্ত আৰক্ষী চকীতো উপস্থিত হৈ চকীটোত কৰ্মৰত বিষয়া-জোৱান সকলৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে এইসমূহৰ আশু সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বস্ত কৰে।

এই পৰিদৰ্শন কালত অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাস, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী আৰু ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোনোৱাল উপস্থিত থাকে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *