শিৱসাগৰত গাহৰি পালকৰ সৈতে আলোচনাঃ বিক্ৰী সন্দৰ্ভত বিশেষ অনুমতি প্ৰশাসনৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ জুন, শিৱসাগৰ:: শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু আৰু গাহৰি পালক সকলৰ সমস্যা সন্দৰ্ভত যোৱা ৯ জুন তাৰিখে শিৱসাগৰ জিলা উন্নয়ণ আয়ুক্তৰ কাৰ্যালয়ত এখনি আলোচনা সভা অনুষ্ঠিত হৈ যায়। সভাত জিলা উন্নয়ণ আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে গাহৰি পালক সকলে সন্মূখীন হোৱা সমস্যা সমূহৰ বিষয়ে বুজ লয়। সভাৰ সিদ্ধান্ত অনুসৰি আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ অভিকেন্দ্ৰৰ পৰা ১০ কিঃমিঃ ব্যাসাৰ্দ্ধৰ ভিতৰত গাহৰি মাংস বিক্ৰী কৰাটো নিষিদ্ধ কৰা হৈছে।এই ঠাই সমূহত গাহৰিৰ লগতে গাহৰিৰ কটা মাংস বিক্ৰী কৰিব নোৱাৰিব। অভিকেন্দ্ৰৰ ১০ কিঃমিঃ ব্যাসাৰ্দ্ধৰ বাহিৰৰ অন্য অঞ্চল সমূহত গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী কৰিব পাৰিব।

সৰ্বসন্মতিক্ৰমে এই আলোচনা সভাত গাহৰিৰ মূল্য নিৰ্দ্ধাৰণ কৰা হয়। সেইদৰে জীৱিত গোটা গাহৰিৰ প্ৰতি কিঃগ্ৰাঃ ১৭০.০০ টকাকৈ আৰু কটা গাহৰিৰ মূল্য প্ৰতি কিঃগ্ৰাঃ ৩০০.০০ টকাকৈ বিক্ৰী কৰিব পাৰিব। উল্লেখ্য যে, শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগত গাহৰিৰ মৃত্যু হোৱা খেলুৱা, ভাটগাজ আৰু কটিয়ৰী অঞ্চলক চৰকাৰে এই ৰোগৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰিছিল । এই আলোচনা সভাত জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়াৰ লগতে গাহৰি পালক সন্থাৰ বিষয়-ববীয়া সকলে অংশগ্ৰহণ কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *