চৰকাৰী নিয়মৰ মাজেৰে শিৱ দ’লত পুনৰ আৰম্ভ হল পূজা অৰ্চনা

ডিজিটেল ডেস্ক, বিতৰ্ক, ৮ জুন, শিৱসাগৰ :: ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে জাৰি হোৱা  লকডাউনৰ বাবে বিগত ৭৮ দিন ধৰি বন্ধ হৈ থকা শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত আজিৰ পৰা আৰম্ভ হৈছে পূজা অর্চনা। চৰকাৰে জাৰি কৰা নীতি-নিয়ম অনুসৰি দুমাহৰাে অধিক দিন বন্ধ হৈ থকা শিৱ দৌল আজি পুৱা ৮ বজাত মুকলি কৰি দিয়া হয় ভক্তপ্ৰাণ ৰাইজৰ বাবে। দৌল চৌহদত প্ৰৱেশ কৰা প্ৰতিজন লোকৰ বাবে তাপমাত্ৰা পৰীক্ষা কৰা,হাত ধােৱা, মাস্ক পিন্ধা আদি বাধ্যতামূলক কৰাৰ লগতে কিছু সময়ৰ মূৰে মূৰে শিৱ দৌল চৌহদ ছেনিটাইজ কৰি থকা হৈছে।

ইয়াৰ  উপৰি দৌলত পূজা আগবঢ়ােৱা সকলাে লােকৰ নাম আৰু যোগাযোগ নম্বৰ সংৰক্ষিত কৰি ৰখা হৈছে যাতে কোনাে ব্যক্তি ৰােগত আক্রান্ত হলে ব্যক্তিজনৰ পুৰণি সমসাময়িক ইতিহাস পাব পৰা যায়। সেইদৰে শিৱ দ’লৰ গর্ভগৃহটো সকলাে
সুৰক্ষা ব্যৱস্থাৰ মাজেৰে ভক্ত সকলক পূজা কৰা আৰু নির্মালি প্রদান আদিৰ ব্যৱস্থা কৰা হৈছে। আজি দুমাহৰ অধিক ব্যৱধানৰ মূৰত শিৱ দৌল মুকলি হােৱাৰ পাছত ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা যায়।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *