তিনিটা স্থান দখলেৰে উৰ্ত্তীণৰ হাৰত শীৰ্ষৰ স্থানত শিৱসাগৰ জিলা

ডিজিটেল ডেস্ক, বিতৰ্ক, ৬ জুন, শিৱসাগৰ :: আজি ঘোষণা কৰা ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৩.৯৩ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাই। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ সৰ্বমুঠ ১১,০২৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৯২৫১ গৰাকীয়ে সুখ্যাতিৰে সফলতা অৰ্জন কৰে। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৮৬০ গৰাকী, দ্বিতীয় বিভাগত ৩৩৭৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩০১৪ গৰাকী পৰীক্ষাৰ্থী। উল্লেখ্য যে ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০.০৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল শিৱসাগৰ জিলাই।

আনহাতে শিৱসাগৰৰ জিলাৰ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। স্থান লাভ কৰা কেইগৰাকী হল ক্ৰমে হিমাশ্ৰী বৰুৱা(ষষ্ঠ স্থান)। তেওঁ শিৱসাগৰ নগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। ছাত্ৰী গৰাকীয়ে মুঠ ৫৮৮ নম্বৰ লাভ কৰিছে। আনহাতে নামতি চাৰিআলি জাতীয় বিদ্যালয়ৰ পৰা অষ্টম স্থান লাভ কৰে অন্তৰীক্ষ হাজৰিকা। তেওঁ লাভ কৰিছে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮৬ নম্বৰ আৰু মৰাণহাটৰ চেণ্ট জোছেফ হাইস্কুলৰ পৰা অভিনৱ গগৈয়ে ৫৮৫ নম্বৰ লাভ কৰি নৱম স্থান অধিকাৰ কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৪.২০ শতাংশৰে সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে ধুবুৰী জিলাই।

Leave a Reply

Your email address will not be published. Required fields are marked *