শিৱসাগৰত বিশ্ব পৰিবেশ দিৱস পালন

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ জুন, শিৱসাগৰ :: ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে আজি শিৱসাগৰতো বিশ্ব পৰিবেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিভাগৰ কাৰ্যালয় সমূহৰ চৌহদত পৰিবেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা হয়। ইয়াৰোপৰি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ পৌৰসভাৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ যমুনাৰ দাঁতিত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত মুন গগৈয়ে । শিৱসাগৰৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাঙৰ লগতে বহুকেইগৰাকী সমাজকৰ্মীয়ে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি একোটিকৈ গছপুলি ৰোপণ কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *