দৰিদ্ৰ পৰিয়ালক ধন, খাদ্য দিয়াৰ দাবীত ১৬ মে’ত চিপিআই(এম)ৰ দেশজুৰ প্ৰতিবাদ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ জুন, শিৱসাগৰ :: দেশৰ দৰিদ্ৰ জনগণক নগদ ধন প্ৰদান কৰা আৰু বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণৰ দাবীত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব ভাৰতীয় কমিউনিষ্ট পাৰ্টি(এম)এ। বুধবাৰে এই কথাৰ ঘোষণা কৰে চিপিআই(এম)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে। কোভিড-১৯ৰ ১৯ মহামাৰীক লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি য়েচুৰীয়ে কয় যে কেন্দ্ৰই মহামাৰী নিৰ্মূলৰ নামত দেশৰ জনগণৰ বাস্তৱিক প্ৰয়োজনক অৱহেলা কৰিছে।

উল্লেখযোগ্য যে নেতাগৰাকীয়ে জনাই যে ২৪ মাৰ্চত দেশজুৰি  বলৱৎ হোৱা ল’কডাউনৰ পিছত ১ জুনত চিপিআই(এম)ৰ প’লিট ব্যু’ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয়। ইফালে চিপিআই(এম)ৰ প’লিট ব্যু’এ এক বিবৃতিত কৈছে যে দেশৰ জিএছটি ৭০,০০০ কোটি হ্ৰাস পোৱাৰ বিপৰীতে ক’ৰ্পৰেট টেক্স হ্ৰাস পাইছে ১,০৬,০০০ কোটিৰো অধিক। এই ঘাটিৰ বাবে ৰাজ্যসমূহো পাবলগীয়া অংশ কমি গৈছে, যাৰ প্ৰভাৱ ৰাজ্যসমূহৰ অৰ্থনীতিত পৰিছে। য়েচুৰীয়ে জনায় যে দেশৰ দৰিদ্ৰ প্ৰতিটো পৰিয়ালকে ছমাহৰ বাবে ৭,৫০০ টকা নগদ ধন প্ৰদান, ছমাহৰ বাবে ১০ খাদ্য সামগ্ৰীৰ বিনামূল্যে বিতৰণ, MGNREGA অধীনত বৰ্ধিত মজুৰিসহ ১০০ দিনৰ পৰিৱৰ্তে ২০০ দিনৰ কৰ্ম দিন নিশ্চিত কৰাৰ দাবীত চিপিআই(এম)এ দেশজুৰি এই বিক্ষোভ প্ৰদৰ্শন কৰিব।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *