শিৱসাগৰত বিশ্ব চাইকিলিং ডে’ পালন

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ জুন, শিৱসাগৰ ::আজি বিশ্ব বাই চাইকিলিং ডে। শৰীৰসুস্থ ৰখাৰ লগতে জৈৱ বৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থত চাইকেলৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । শিৱসাগৰ চাইকেলিং এচচিয়েনে প্ৰতিকূল বতৰৰ মাজতো ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা পহু গড়লৈ বিশ্ব বাই চাইকিলিং ডে’ৰ লগত সংগতি ৰাখি এক চাইকেল যাত্ৰা আৰম্ভ কৰে । এই অনুষ্ঠানত বিৰোধী দলৰ উপ -দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত থাকি সন্থাৰ বিষয়ববীয়া সকলক উৎসাহ প্ৰদান কৰে। ৰকিবুল হুছেইনে চাইকেলিঙত অংশগ্ৰহণ কৰা সন্থাৰ বিষয়ববীয়া সকলক মাক্স প্ৰদান কৰাৰ উপৰিও সন্থাৰ তৰফৰ পৰা এটি গছপুলি প্ৰদান কৰি সম্ভাষণ জনায়।

গামোছাত দিহিং পাটকাই আৰু ডিব্ৰু চৌখোৱা সুৰক্ষাৰ দাবী জনাই ছাইকেলিং সন্থাই আজি ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰা এই ছাইকেলিং যাত্ৰাত অংশগ্ৰহণ কৰি বিৰোধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী গৰাকীযে বৰ্তমান সময়ত জৈৱ বৈচিত্ৰতা ৰক্ষা আৰু চাইকেলিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰাৰ লগতে কংগ্ৰেছৰ এক সজাতি দলে যোৱা ২ জুনত ডিব্ৰু চৌখোৱা অভয়াৰণ্য পৰিভ্ৰমণ কাৰ কথা উল্লেখ কৰে। আজি এই চাইকেল যাত্ৰাত সন্থাৰ নৱজ্যোতি শইকীয়া, অংশুমান বৰুৱা,অনিবাৰ্ন দত্ত,আব্দুল কুদুচ আলি,মোচাবিৰ ইছলাম আৰু অভিজিৎ দাসকে ধৰি সন্থাৰ প্ৰায় সমূহ সদস্যই অংশগ্ৰহণ কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *