শিৱসাগৰত বিজ্ঞানী আমিনুদ্দিনে সাজি উলিয়াইছে ক’ৰনা নাশৰ যন্ত্ৰ

বিশেষ প্ৰতিবেদক, বিতৰ্ক, ৩ জুন, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো অব্যাহত আছে লকডাউনৰ। এই লকডাউনৰ সময়তে শিৱসাগৰ এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে এবিধ যন্ত্ৰৰ। উল্লেখ্য যে জিলাখনৰ অৰ্জুনগুৰি নিবাসী আমিনুদ্দি আহমেদে ২০০৭ চনত দুৱেল চিকিউৰিটি এলাৰ্ম আৱিষ্কাৰৰ কৰাৰ বাবে প্ৰয়াত ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে ৰাষ্ট্ৰীয় পদক প্ৰদান কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰিছিল। ইয়াৰ আগতেও আমিনুদ্দিনে অসমীয়া নিৰাময় চাহ নামৰ এবিধ চাহৰ আৱিষ্কাৰ কৰিছিল। তেখেতে সদৰী কৰা অনুসৰি এই চাহ সেৱন কৰাৰ ফলত নিউমনিয়া, জ্বৰ, চৰ্দি, কাহ আদি ৰোগৰ নিৰাময় লাভ কৰিব পৰা যাব।

আমিনুদ্দিনে প্ৰস্তুত কৰা যন্ত্ৰ

ইফালে পুনৰবাৰে এইজন বিজ্ঞানী আমিনুদ্দিন আহমেদে সাজি উলিয়াইছে ‘জৈৱ বিষাণু নিৰ্মূল কৰণ যন্ত্ৰ’ (Harbel Sensitisation Machine) আৰু ‘অতিবেঙুনীয়া ৰশ্মি পৰিশোধক’ (Ultra Violet Sanitisation) নামৰ দুটি যন্ত্ৰৰ। আমিনুদ্দিনে জনোৱা অনুসৰি জৈৱ বিষাণু নিৰ্মূল কৰণ যন্ত্ৰৰ প্ৰভাৱত ক’ৰনাত আক্ৰান্ত ৰোগীয়ে উপশম লাভ কৰাৰ লগতে চাৰিওকাষৰ পৰিৱেশটো বিজানু মুক্ত কৰি তুলিব।

আনহাতে অতিবেঙুনীয়া ৰশ্মি পৰিশোধক যন্ত্ৰটিৰ জৰিয়তে শীত -তাপ নিয়ন্ত্ৰিত আৰু জনসমাগম থকা কোঠাক বিজানু মুক্ত কৰাৰ লগতে পৰিৱেশটো নিৰাপদজনক কৰি তুলিব। আজি শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত তেখেতে কয় যে অতিবেঙুনীয়া ৰশ্মি পৰিশোধক যন্ত্ৰটিৰ পৰা বেঙুনীয়া ৰশ্মিক মানুহৰ সংস্পৰ্শলৈ নহাকৈ নিয়ন্ত্ৰণ কৰি কেৱল বতাহক বিজানু মুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে আমিনুদ্দিনে অসম চৰকাৰক তেখেতক ক’ৰনাৰ বিৰুদ্ধে যুঁজখনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়। সংবাদমেলত আমিনুদ্দিনে তেখেতৰ এই উদ্ভাৱনৰ ফলত দুদিনৰ পৰা এক সপ্তাহৰ ভিতৰত ক’ৰনা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ লগতে কোৱাৰেণ্টাইনত থকা লোকসকলক নিৰামদে মুক্ত কৰাৰ লগতে অসমত লকডাউনৰ দৰে পৰিস্থিতিৰ পৰা মুকলি কৰিব পাৰিব বুলি দাবী কৰে। এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে আমিনুদ্দিনৰ এই উদ্ভাৱনৰ প্ৰতি কিদৰে সহাৰি জনায় সেইয়াহে লক্ষ্যনীয় হব।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *