অসমত ব্যাপক হাৰত বৃদ্ধি নিবনুৱাঃ এমাহতে ৰাজ্যত নিবনুৱাৰ সংখ্যা ৭.৩ শতাংশ বৃদ্ধি
ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ জুন, গুৱাহাটী :: অসমত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ যোৱা প্রায় ডেৰ বছৰৰ ভিতৰত লকডাউনৰ কালছোৱাত এপ্রিল মাহত অসমত নিবনুৱাৰ হাৰ আছিল সর্বাধিক বৃদ্ধি হৈ ১১.১ শতাংশ পাইছেগৈ৷ দেশৰ বজাৰ অর্থনীতিৰ অন্যতম থিংকটেংক হিচাপে পৰিচিত ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী’ৰ (চি এম আই ই) শেহতীয়া সমীক্ষা অনুসৰি ৰাজ্যৰ নিবনুৱা সমস্যাৰ এক উদ্বেগজনক তথ্যৰ কথা পোহৰলৈ আহিছে।চিএমআইইৰ তথ্য অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ৫.৩ শতাংশ৷ পিছে যোৱা এপ্রিল মাহত ৰাজ্যত নিবনুৱাৰ এই হাৰ বৃদ্ধি পালে ১১.১ শতাংশলৈ৷ অর্থাৎ প্রায় ডেৰ বছৰ পিছত অসমত নিবনুৱাৰ হাৰ ৫.৮ শতাংশ অধিক বৃদ্ধি পালে৷
চিএমআইইৰ অনুসৰি, ই অসমৰ বাবে নেতিবাচক অভিলেখহে৷ একেদৰে থিংকটেংকেটাৰ শেহতীয়া প্রতিবেদনত দেখা গৈছে যোৱা ৬ মাহত অসমৰ নিবনুৱাৰ হাৰ ৪.৭ শতাংশ বৃদ্ধি পাইছে৷ চিএমআইইয়ে জাৰি কৰা তথ্যসমূহ বিশ্লেষণ কৰি দেখা গৈছে ২০১৯ চনৰ নৱেম্বৰ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ৪.৯ শতাংশ৷ অর্থাৎ সেই হিচাপত যোৱা ৬ মাহত সামগ্রিকভাৱে অসমত নিবনুৱাৰ হাৰ বৃদ্ধি পালে ৪.৭ শতাংশ৷ মন কৰিবলগীয়া যে চিএমআইইয়ে ২০১৫ চনৰ পৰা প্রতিমাহে সমগ্র দেশৰ লগতে ৰাজ্যসমূহৰ নিবনুৱাৰ হাৰো সুকীয়াকৈ সমীক্ষা কৰি আহিছে৷ সেই অনুসৰি এপ্রিল মাহত যোৱা ডেৰ বছৰৰ অভিলেখ ভংগ কৰি অসমত নিবনুৱাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যদিও মে’ মাহত চিএমআইইয়ে প্রকাশ কৰা সমীক্ষাত কিছু আশাৰ সঞ্চয় সৃষ্টি কৰিছে৷ কাৰণ মে’ মাহৰ সমীক্ষাত দেখা গ’ল অসমত নিবনুৱাৰ হাৰ সামান্য হ্রাস পালে৷ এপ্রিলতকৈ ১.৫ শতাংশ হ্রাসেৰে মে’ মাহত অসমত নিবনুৱাৰ হাৰ হ’লগৈ ৯.৬ শতাংশ৷
Courtesy:-(নিয়মীয়া বাৰ্তাৰ প্ৰতিবেদনৰ সহায়ত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে)
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।