ৰাজ্যত লকডাউন-৫ৰ নতুন নিয়মঃ চাওঁ আহক কি কৰিব পাৰিব বা নোৱাৰিব…

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ জুন, শিৱসাগৰ :: সমগ্ৰ দেশত আজিৰ পৰা অহা ৩০জুনলৈ পুনৰ  বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা। পঞ্চম লকডাউনৰ ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিয়মসমূহত বহু শিথিলতাও প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই লকডাউনৰ বাবে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিছে কেতবোৰ নতুন নিয়ম। নতুন নিৰ্দেশনা অনুসৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে ৰাজ্যত জাৰি কৰা হ’ব সান্ধ্য আইন। এই সময়চোৱাত অত্যাৱশ্যকীয় সেৱাৰে জড়িত কৰ্মচাৰীসকলৰ বাহিৰে আন কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। অৱশ্যে কন্টেইনমেন্ট জ’ন বা বাফাৰ জ’নত পূৰ্বৰ দৰেই থাকিব সকলো নীতি-নিয়ম।

কি কৰিব পাৰিব আপুনি:-

ৰাজ্যত হোটেল, ৰেষ্টুৰেন্টসমূহো খোলা হ’ব ৮ জুনৰ পৰা। অৱশ্যে এটা সময়ত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব আৰু সকলোৱে মানিব লাগিব সামাজিক দূৰত্ব।

অহা ৮ জুনৰ পৰা ৰাজ্যত খোল খাব সকলো ধৰ্মীয় অনুষ্ঠান। অৱশ্যে এটা সময়ত সৰ্বাধিক ২০জন লোকহে উপস্থিত থাকিব পাৰিব।

১ জুনৰ পৰা প্ৰাতঃভ্ৰমণ, সান্ধ্যভ্ৰমণৰ বাবে ৰাজহুৱা স্থান বা পাৰ্কসমূহ খোলা হ’ব। কিন্তু তাত বহিব পৰা কোনো ব্যৱস্থা নাথাকিব।

সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৮ জুনৰ পৰা খুলিব পাৰিব সকলো শ্বপিং ম’ল।

চেলুন, পাৰ্লাৰ সকলো খুলিব পাৰিব ১ জুন, ২০২০ৰ পৰা। অৱশ্যে মাস্ক-গ্লবছ পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি মানি চলিব লাগিব সকলোৱে।

আৰম্ভ কৰিব পাৰিব চৰকাৰী আৰু বেচৰাকীৰ খণ্ডৰ ফিল্ম বা ভিডিঅ’ শ্বুটিঙৰ কাম-কাজ। ১ জুনৰ পৰা এই কাম কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।

কি কৰিব নোৱাৰিব আপুনি:-

চিনেমা হল, জীম, ছুইমিং পুল, ইন্টাৰটেইমেন্ট পাৰ্ক, থিয়েটাৰ, বাৰ, অডিটৰিয়াম, এছেমব্লি হল আদি বন্ধ থাকিব।

সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি আদি অনুষ্ঠিত কৰিব নোৱাৰিব।

দুচকীয়া বাহনৰ পিছফালে মহিলা অথবা ১২ বছৰ তলৰ শিশুৰ বাহিৰে কোনো লোকক নিব নোৱাৰিব।

স্কুল, কলেজ, বিশ্ববিদ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব এই সময়ছোৱাত।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *