শিৱসাগৰত ব্যক্তিগত বাহনৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি প্ৰত্যাহাৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ জুন, শিৱসাগৰ :: ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা ৯ মে’ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্র শিৱসাগৰ জিলাতে তলাবন্ধৰ (লক্ ডাউনৰ) সময়ছোৱাত যান-জঁট ৰোধৰ বাবে ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত চলি থকা যুগ্ম-অযুগ্ম নীতি যোৱা ৩১ মে’ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰীক্ষামূলক আৰু সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে।

অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে যোৱা ৩১ মে’ তাৰিখে জাৰি কৰা এক আদেশমৰ্মে এই নীতি প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে, বেটাৰী ৰিক্সাৰ ক্ষেত্ৰত এই যুগ্ম-অযুগ্ম নীতি বাহাল থাকিব।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *