শিৱসাগৰত কৃষি বিভাগৰ আচনিৰ হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ জুন, শিৱসাগৰ :: শিৱসাগৰ জিলাত ৰূপায়ণ হোৱা ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ আঁচনিৰ জৰিয়তে অযোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিছে বুলি উঠা অভিযোগৰ সন্দৰ্ভত জিলা কৃষি বিভাগে এই আঁচনিৰ হিতাধিকাৰী সকলৰ যোগ্যতাৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা কৃষি বিষয়া ভীমকান্ত গগৈয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে এই তথ্য সদৰি কৰিছে । উল্লেখযোগ্য যে, শিৱসাগৰ জিলাত ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ আঁচনিৰ অধীনত মুঠ ৭০,৮৬৯ গৰাকী হিতাধিকাৰীৰ নাম আপলোড্ কৰা হৈছিল যদিও ৫৮,৬৪৫ গৰাকী হিতাধিকাৰীয়েহে ধন লাভ কৰিছিল। বিভাগে আৰম্ভ কৰা হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ প্ৰক্ৰিয়াত বৰ্তমানলৈকে ৪৭,৪৬৮ গৰাকী হিতাধিকাৰীৰ ২,৭৪২ গৰাকী অযোগ্য বুলি প্ৰমাণিত হৈছে । এই পৰীক্ষণ প্ৰক্ৰিয়াৰ প্ৰায় ৮১ শতাংশ কাম সম্পন্ন হৈছে আৰু বাকী থকা কামখিনি অতি শীঘ্ৰে সম্পন্ন কৰা হ’ব বুলি জিলা কৃষি বিষয়া গৰাকীয়ে অৱগত কৰিছে।

এই সন্দৰ্ভত  ইতিমধ্যে যোৱা ১৩ মে’ তাৰিখে বিভাগীয়ভাৱে বাতৰি কাকতৰ যোগেদি বিজ্ঞাপন প্ৰকাশ কৰি অযোগ্য হিতাধিকাৰী সকলক নাম প্ৰত্যাহাৰ কৰিবলৈ গোহাৰি জনোৱাৰ লগতে প্ৰাপ্ত ধন নিৰ্দিষ্ট নিয়মেৰে ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছিল । ধন ঘূৰাই দিবলৈ শিৱসাগৰস্থিত ‘চেণ্ট্ৰেল বেংক অৱ্ ইণ্ডিয়া’ৰ একাউণ্ট নং ৩৮১৫৯১৫৪১২ আৰু IFSC Code CBIN0283213 ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। উল্লেখ্য যে, বৰ্তমানলৈকে বিভাগীয়ভাৱে ৩৫২ গৰাকী অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু ১৩ গৰাকী হিতাধিকাৰীৰ পৰা ১,০৬,০০০ টকা বিভাগে ঘূৰাই পাইছে ।

জিলা কৃষি বিষয়া গৰাকীয়ে অৱগত কৰা মতে, ইতিমধ্যে বিভাগৰ তৰফৰ পৰা কৃষি মহকুমা অনুযায়ী তিনিগৰাকী মহকুমা কৃষি বিষয়াক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি তদাৰক কৰিবলৈ দায়িত্ব দিয়া হৈছে।  কিবা ওজৰ-আপত্তি থাকিলে এই তিনিগৰাকী মহকুমা কৃষি বিষয়াক ফোনযোগে যোগাযোগ কৰিব পৰা যাব। বিষয়া তিনিগৰাকী হ’ল ক্ৰমে: দিলীপ গায়ন, মহকুমা কৃষি বিষয়া, শিৱসাগৰ (মোবাইল নং- ৯৪৩৫৩-৬০৪৭৯); খিৰেশ্বৰ শইকীয়া, মহকুমা কৃষি বিষয়া, আমগুৰি (মোবাইল নং- ৯৯৫৪৮-৯৩৫৫০); আৰু সুৰভি লাহন, মহকুমা কৃষি বিষয়া, নাজিৰা (মোবাইল নং- ৯৮৫৪৩-৬১৮১৯)।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *