শ্ৰমিকৰ পৰা ল’ব নোৱাৰিব ভাড়া, আবদ্ধ লোকক যোগান ধৰক খাদ্যঃ উচ্চতম ন্যায়ালয়

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ মে, শিৱসাগৰ :: দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা প্ৰৱাসী লোক সকলৰ লগতে প্ৰৱাসী শ্রমিকৰ দুৰৱস্থাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এটা গুৰুত্বপূৰ্ণ আদেশ প্ৰদান কৰিছে। ন্যায়ালয়ে কয় যে ৰে’ল আৰু বাছত যাত্ৰা কৰা কোনো প্ৰৱাসী শ্ৰমিকৰ পৰা ভাড়া ল’ব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে কয় যে প্ৰৱাসী সকলৰ যাত্ৰাৰ বাবে ভাড়া ৰেলৱে আৰু ৰাজ্য চৰকাৰে বহন কৰিব লাগিব।

ইয়াৰ লগতে আদালতে কয় যে লোকসকলে বাছ আৰু ৰে’লৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত ৰাজ্য চৰকাৰ সমূহে খাদ্যৰ যোগান ধৰিব লাগিব। যিখন ৰাজ্যৰ পৰা ৰে’লৰ চলাচল আৰম্ভ হ’ব, সেইখন ৰাজ্যই যাত্ৰীক খাদ্য, পানীৰ যোগান ধৰিব লাগিব আৰু যাত্ৰা কালত ৰেলৱে যাত্ৰীক খাদ্য আৰু পানীৰ যোগান ধৰিব। বাছত যাত্ৰা কৰা সকলকো খাদ্য আৰু পানী যোগান ধৰিব লাগিব। পথেৰে যাত্ৰা কৰা শ্ৰমিকক লৈ উচ্চতম ন্যায়লয়ে কয় যে পথেৰে যাত্ৰা কৰি থকা সকলক তাৎক্ষণিকভাৱে আশ্ৰয় শিবিৰলৈ অনাৰ লগতে খাদ্য বস্তুৰ যোগান ধৰিবলৈও কয়।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *