চলিত বছৰৰ টি-২০ বিশ্বকাপৰ হব পাৰে বাতিলঃ ১০ জুনত হ’ব চূড়ান্ত সিদ্ধান্ত

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ মে, গুৱাহাটী :: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ শশাংক মনোহৰৰ নেতৃত্বত বৃহস্পতিবাৰে টেলিকনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। চলিত বছৰৰ শেষৰফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত অহা ১০ জুনত সিদ্ধান্ত ল’ব। উল্লেখ্য যে ক’ৰনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকৰ লগতে বিভিন্ন পক্ষই চলিত বছৰৰ টি-২০ বিশ্বকাপ পিছুৱাবলৈ মন মেলিছিল।

কালিৰ বৈঠক সন্দৰ্ভত আই চি চিৰ এজন বিষয়ববীয়াই কয় যে ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপ প্ৰসংগত অহা ১০ জুনত ব’ৰ্ডৰ বৈঠকত সিদ্ধান্ত লোৱা হ’ব। উল্লেখ্য যে ইয়াৰ পিছৰ টি-২০ বিশ্বকাপ অৰ্থাৎ ২০২১ৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব। ইফালে যদি চলিত বছৰৰ বিশ্বকাপখন অনুষ্ঠিত নহয় তেন্তে ইয়াক ২০২২ চনলৈকে স্থগিত কৰাৰ সম্ভাৱনা আছে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *